![]()
ডিফুঃ
যোৱা ১০ ডিচেম্বৰত কোনো অচিনাক্ত দুৰ্বৃত্তই ডকমকা এলেকাৰ পৰা ফৰলেন পথ নিৰ্মাণৰ কামত নিয়োজিত এজন কৰ্মচাৰীক অপহৰণ কৰি নিয়া ঘটনাৰ ৪৮ ঘন্টাৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে ই জিলাখনৰ আৰক্ষীয়ে এক সফল অভিযান চলাই অপহৃত কৰ্মচাৰীজনক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আৰক্ষীৰে সংঘৰ্ষত এটা অপহৰণকাৰী নিহত হয়।
ঘটনাৰ বিৱৰণ অনুসৰি, যোৱা দহ ডিচেম্বৰৰ পুৱতি নিশা ডকমকা থানাৰ অন্তৰ্গত লক্ষ্য টকবি গাঁৱত থকা ডবকা- ডিমাপুৰ সংযোগী চাৰি লেনযুক্ত পথ নিৰ্মাণৰ দায়িত্বত থকা স্কাইলাৰ্ক কোম্পানীৰ শিলৰ কোৱেৰীত কৰ্তব্যৰত এজন মেকানিক অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে অপহৰণ কৰি নিয়ে। কৰ্মচাৰী গৰাকীৰ অপহৰণৰ পিছতে আৰক্ষীৰ এটা বৃহৎ দলে ডকমকা এলেকাত অপহৰণকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। উক্ত অভিযানত আৰক্ষীয়ে তথ্য প্ৰযুক্তিৰো সহায় লয় ইয়াৰ মাজতে অপহৰণকাৰী দলে কোম্পানী পক্ষৰ পৰা কৰ্মচাৰী গৰাকীৰ মুক্তিপণ হিচাপে ত্ৰিশ লাখ টকা দাবী কৰে।
সেই অনুসৰি আজি বিয়লি ডকমকা থানাৰ অন্তৰ্গত কানিয়া ইংতি গাঁৱত দাবী কৰা ধন নিবলৈ অপহৰণকাৰী অহাৰ আগতীয়া তথ্য লাভ কৰি কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, বকলীয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ তেৰাং, উপ-পৰিদৰ্শক নৱজিৎ দাস, ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলমণি মালাকাৰৰ নেতৃত্বত আৰক্ষী আৰু চিআৰপিএফৰ এটা দলে চাৰিটা গোটত অপহৰণকাৰীৰ বিৰুদ্ধে অভিযান চলায়। উক্ত অভিযানত আজি বিয়লি ডকমকাৰ কানিয়া ইংতি গাঁৱত দাবী কৰা ধন নিবলৈ অহাৰ সময়তে অভিযানকাৰী দলৰে সৈতে অপহৰণকাৰীৰ মুখামুখি সংঘৰ্ষৰ সূত্ৰপাত হয়।
উক্ত সংঘৰ্ষত অপহৃত কৰ্মচাৰীজনক আৰক্ষীয়ে নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে সংঘৰ্ষত অপহৰণকাৰী দলৰ এটা সদস্য নিহত হয়। নিহত অপহৰণকাৰীটো এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। নিহত দুৰ্বৃত্তটোৰ জিম্মাৰ পৰা আৰক্ষীয়ে ৪৮ জাঁই সজীৱ গুলীসহ এটা পিষ্টল উদ্ধাৰ কৰা হৈছে।
অপহৰণকাৰী দলটোৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। অৱশ্যে, জিলাখনত সম্প্ৰতি কোনো উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ থকা নাই। সেয়েহে উক্ত ঘটনাত অন্ত কোনো অপৰাধী চক্ৰ জড়িত থকাৰ সন্দেহ কৰা হৈছে। অপৰাধী চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান অব্যাহত আছে। অচিৰেই এই অপৰাধী চক্ৰৰ সবিশেষ তথ্য পোহৰলৈ আহিব বুলি আৰক্ষীয়ে দাবী কৰিছে।













