![]()
নিউজ ডেস্কঃ
“নিজান বনত”, “তোমাৰ উশাহৰ ৰং লাগি”,”মৌ”, “এন্ধাৰ চোতালতে”, “গভীৰ ৰাতি” গীতকেইটি অসমৰ ৰাইজে আদৰি লোৱাৰ পিছত মৌচুমী বৰিয়ে ৰাইজৰ মাজলৈ পুনৰ এটি সুন্দৰ গীত লৈ আহিছে৷ মৌচুমী বৰিৰ গীতৰ কথা আৰু প্ৰযোজনাৰে গীতটিত সুৰ তথা সংগীত পৰিচালনা কৰিছে অসমৰ স্বনামধন্য কন্ঠশিল্পী তৰালি শৰ্মাই৷ গীতটিৰ প্ৰযোজনাৰ স’তে সহযোগিতাত আছে “মিন্টলাইম” নামৰ বহুল জনপ্ৰিয় অনলাইন প্লেটফৰ্ম যিখন প্লেটফৰ্মে সৃজনীগুণসম্পন্ন প্ৰতিভাশালীলোকক আগবাঢ়ি যাবলৈ এখন প্লেটফৰ্ম দিয়াৰ যত্নৰ কেতিয়াও ত্ৰুটি কৰা নাই ৷
গীতিকাৰ মৌচুমী বৰিয়ে কয় যে “মোৰ চেনেহী আই” গীতটি তেখেতে নিজৰ মাতৃক লৈ লিখা আৰু গীতটি পৃথিৱীৰ সকলো মাতৃৰ নামতে উচৰ্গিত৷
“শৈশৱতে মায়ে মোক নিয়ৰৰ পানী চকুত লগাই, গীত গাই চুমা দি শুৱাৰ পৰা উঠোৱা মনত পৰে৷ নিচুকনী গীত গাই শুৱাবলৈ চেষ্টা কৰাও মনত পৰে৷ এয়া কেৱল মোৰ মায়েই নকৰে, পৃথিৱীৰ প্ৰতিগৰাকী মাকেই নিজৰ সন্তানক এনেকৈয়ে শুৱাই আৰু টোপনিৰ পৰা জগায়৷” – মৌচুমী বৰিয়ে কয়৷
মৌচুমী বৰিয়ে পুনৰ কয়, “অসমৰ এগৰাকী স্বনামধন্য কুকিলকন্ঠী গায়িকা তৰালি শৰ্মা৷তেখেতক গীতটিত সুৰ দিবলৈ আমাৰ ফালৰ পৰা অনুৰোধ কৰা হৈছিল৷ তেখেতে আমাৰ হেঁপাহক সন্মান জনাই সন্মত হ’ল৷ মোৰ প্ৰিয় গায়িকাগৰাকীৰ কন্ঠত গীতটি শুনিবলৈ পোৱাটো আমাৰ পৰিয়ালৰ বাবে অতি সৌভাগ্যৰ কথা বুলি ভাবো৷গীতটিয়ে স্বৰ্গীয় অনুভূতিৰে প্ৰতিজন শ্ৰুতাৰ অন্তৰ চুব মই নিশ্চিত৷”
“মোক এনে এটি সুন্দৰ গীত গাবলৈ অনুৰোধ কৰাৰ বাবে মই বৰ সুখী হৈছো৷ মোক গীতটিয়ে পুৰণি দিনলৈ লৈ গৈছে আৰু গীতটিৰ আবেগৰ স’তে মই সংযোগ হ’ব পাৰিছোঁ৷ মই আশা কৰিম যে অসমীয়া সমাজে গীতটি আদৰি ল’ব৷” জনপ্ৰিয় কন্ঠশিল্পী তৰালি শৰ্মাই এনেদৰে কয়৷
মিন্টলাইমৰ ৰুমী বৰাই কয় যে মৌচুমী বৰিয়ে মাতৃক লৈ লিখা “মোৰ চেনেহী আই” নামৰ সুন্দৰ গীতটিক গীতেৰে বাণীবদ্ধ কৰাত সহায় কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ৷ এই গীতটিয়ে মানুহৰ অন্তৰ জয় কৰিবলৈ সক্ষম হ’ব আৰু আদৰি ল’ব, আমি নিশ্চিত৷ মিন্টলাইমে প্ৰতিভাশালী সৃজনীশীল লোকক সহায় কৰাৰ পদক্ষেপ এনেকৈয়ে লৈ আহিছে৷”
পেছাত অভিযন্তা মৌচুমী বৰিয়ে হৃদয়ৰ অনুভৱ অনুভূতিক গীতেৰে সজাই ভাল পায়৷ তেখেতে সৰুৰে পৰা গল্প, কবিতা, উপন্যাস আদিও লিখি আহিছে৷ ভৱিষ্যতেও পাঠকৰ বাবে ভাল গীত লিখিবলৈ চেষ্টা কৰি যোৱাৰ পৰিকল্পনা অব্যাহত ৰখাৰ কথা তেখেতে জনাইছে৷উঠি অহা প্ৰতিভাশালী যুৱক যুৱতীক আগবঢ়াই লৈ যোৱাৰ কিছুমান পৰিকল্পনাও কৰা হৈছে৷
সুন্দৰ গীতৰ কথা আৰু সুৱদী সুৰৰ এই গীতটি ১২ ডিচেম্বৰ, দেওবাৰে শুভমুক্তি পায়৷ উল্লেখ্য, শুভমুক্তিৰ অনুষ্ঠানটি ভিডিও কনফাৰেন্সযোগে হয়।













