![]()
নিউজ ডেস্কঃ
‘মিছ ইউনিভাৰ্ছ’ খিতাপ জয় কৰিলে ভাৰতৰ হাৰনাজ সান্ধুই। ২১ বছৰ পিছত ‘ব্রহ্মাণ্ড সুন্দৰী’ৰ খিতাপ আহিল ভাৰতলৈ। পুনৰ এবাৰ এই মুকুট পৰিধান কৰিলে এগৰাকী পঞ্জাবী সুন্দৰীয়ে। ইয়াৰ পূৰ্বে ২০০০ চনত এই খিতাপ জয় কৰিছিল পঞ্জাবক লাৰা দত্তই। তাৰ পূৰ্বে বঙ্গ তনয়া সুস্মিতা সেনে। সান্ধু হৈছে ব্ৰহ্মাণ্ড সুন্দৰী মুকুট অৰ্জন কৰা তৃতীয় ভাৰতীয়।


দেওবাৰে নিশা ইজৰাইলৰ এইলাটত অনুষ্ঠিত হৈছিল ৭০ সংখ্যক মিছ ইউনিভাৰ্ছৰ অনুষ্ঠান। তাতেই পাৰাগুৱেৰ নাদিয়া ফেৰেইৰা আৰু দক্ষিণ আফ্রিকাৰ লালেলা এমএছৱাক পৰাস্ত কৰি শ্ৰেষ্ঠত্বৰ মুকুট আঁজুৰি আনে পঞ্জাবৰ ২১ বছৰীয়া সুন্দৰী হাৰনাজে।













