![]()
নিউজ ডেস্কঃ
এজন সাধাৰণ ফেৰিৱালাৰ পৰা একেবাৰে নিৰ্বাচনী প্রচাৰ ‘তাৰকা’!
দুসপ্তাহমানৰ ভিতৰতে পশ্চিমবংগৰ দুবৰাজপুৰৰ বাদাম বিক্রেতা ভুবন বাদ্যকৰৰ জীৱনেই সলনি হৈ গৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা তেওঁৰ তাঁ ‘কাঁচা বাদাম…’ গানেই তেওঁৰ এই কপাল ফুলাৰ কাৰণ। ভুৱন এতিয়া কলকাতা পৌৰ নিৰ্বাচনৰ তৃণমূলৰ প্রচাৰ তাৰকা। ১৪ নম্বৰ ৱার্ডৰ তৃণমূল প্রার্থী অমল চক্রৱর্তীৰ পৰা তৃণমূল বিধায়ক মদন মিত্রৰ নিৰ্বাচনী প্রচাৰত এতিয়া ‘ভুৱন-ভৰসা’।
নিশাৰ ভিতৰতে লাভ কৰা ভুৱনৰ জনপ্রিয়তাক তৃণমূলৰ লেতাসকলে যেনেদৰে কামত লগাব বিচাৰিছে, তেনেদৰে দুখীয়া ফেৰিৱালা ভুৱনৰ জনপ্ৰিয়তা আৰু উপার্জনৰ এক বিকল্প পথৰো সৃষ্টি হৈছে। তৃণমূল সূত্র মতে, মদন মিত্রই উক্ত প্ৰচাৰৰ বাবে তেওঁক ২০ হাজাৰ টকা দিয়াৰ লগতে ফলাফল প্রকাশৰ দিনা ১৪৪ কেজি ‘কাঁচা বাদাম’ৰ অর্ডাৰো দিছে ভুৱনক।
উল্লেখ্য, মহিলাসকলৰ চুলি, নকল সোণৰ চুৰি-চেইন, ভৰিৰ পায়েল আৰু পুৰণি মোবাইলৰ বিনিময়ত কেঁচা বাদাম দিছিল ভুৱনে। ইয়াৰ বাবে তেওঁ গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এটা ব্যতিক্ৰমী গা্ন গাই গাই মানুহৰ দুৱাৰে দুৱাৰে উপস্থিত হৈছিল। তেওঁৰ সেই ব্যতিক্ৰমী আৰু মিঠা সুৰত মুগ্ধ হৈ কোনো এজন ব্যক্তিয়ে সেয়া ৰেকৰ্ড কৰিছিল। তাৰ পিছত উক্ত গানৰ ভিডিও ছচিয়েল মিডিয়াত বিয়পাই দিয়ে। তাৰ পিছৰ পৰাই লাখ লাখ মানুহৰ ওচৰ চাপে, পৰিচিত হয় তেওঁ। বিভিন্ন মাধ্যমত প্ৰচাৰ হয় গানটো। ইতিমধ্যে বহুবাৰ ৰেকৰ্ড কৰা হৈছে গানটো।













