![]()
নিউজ ডেস্কঃ
পঞ্চায়ত প্রধানৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত মনত ভাব হয় তেওঁৰ পৰাজয়ৰ বাবে দায়ী দলিতসকল। সেয়ে দুই দলিত ব্যক্তিক নিজৰ পৰাজয়ৰ বাবে দোষী সাব্যস্ত কৰি মাৰধৰ কৰে। সম্প্রতি ঘটনাটি ঘটিছে বিহাৰৰ ঔৰাঙ্গাবাদত। ঘটনাৰ ভিডিও ভাইৰেল হোৱাৰ লগে লগেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত ব্যক্তিজনক। অভিযুক্ত ব্যক্তিজনৰ নাম বলৱন্ত সিং।
https://twitter.com/i/status/1470204263632568322
ভাইৰেল হোৱা ভিডিওটোত দেখা গৈছে, বলৱন্তে নিজৰ পৰাজয়ৰ বাবে দোষী সাব্যস্ত কৰি দুই দলিত ব্যক্তিক এমাৰধৰ কৰি কাণত ধৰাই উঠা-বহা কৰাইছে। শাস্তি হিচাবে বাধ্য কৰাইছে থু চেলেকিবলৈও। অৱশ্যে এই ভিডিওৰ সত্যতা সন্দৰ্ভত কোনো তদন্ত এতিয়ালৈকে হোৱা নাই।













