![]()
নিউজ ডেস্কঃ
শনিবাৰে শিৱসাগৰত ৱাজিদ হুছেইন নামৰ এজন ব্যক্তিয়ে চুৰি কৰা মাৰাডোনাৰ এটি হাতঘড়ী উদ্ধাৰৰ পিছত পুনৰ উদ্ধাৰ হয় আৰু বহু সামগ্ৰী৷ তাৰ ভিতৰত মাৰাডোনাৰ আন এটি সোণালী হাতঘড়ী, এটি আই পেড, এটি টেব, দুখন স্কোৱাছ ৰেকেট, ছয়টা লাইটাৰ, দুযোৰ জোতা, এটি জেকেট, এটি টি-শ্বার্ট, এটি টুপী, এটি ট্ৰেক পেণ্ট, এটি ভেছেলিন আৰু গুলপীয়া পুতলা হাতী।
উল্লেখ্য, ২০১১-২০১২ চনত মাৰাডোনা ডুবাইৰ আল ৱাছল ফুটবল ক্লাবৰ মেনেজাৰ আছিল।
আ্হাতে, ২০১৭ চনত সংযুক্ত আৰব আমিৰশ্বাহিৰ দ্বিতীয় ডিভিজনৰ দল আল ফুজাইৰাহৰ প্রধান প্ৰশিক্ষক আছিল মাৰাডোনা। উক্ত সময়ছোৱাত মাৰাডোনাই ডুবাইৰ যিটো ঘৰত আছিল তাতেই ২০১৬ চনৰ পৰা নিৰাপত্তাৰক্ষী হিচাবে কাম কৰিছিল শিৱসাগৰৰ ৱাজিদ হুছেইনে। মাৰাডোনাই ডুবাই এৰাৰ পিছত তেওঁ ব্যৱহাৰ কৰা ঘড়ী আৰু অন্যান্য সামগ্রী উক্ত ঘৰটোতেই সংৰক্ষণ কৰি থোৱা আছিল। ডুবাই আৰক্ষীৰ দাবী, ২০২১ চনৰ আগষ্ট মাহত ৱাজিদে ঘৰটোত মাৰাডোনাৰ ব্যৱহৃত সামগ্রী ৰখা বাকচটো চুৰি কৰি ভাৰতলৈ আহে।
পিছত ডুবাই আৰক্ষীৰ তথ্যৰ ভিত্তিত অসম আৰক্ষীয়ে শনিবাৰে পুৱাতে ৱাজিদৰ চৰাইদেউস্থিত শহুৰেকৰ ঘৰত অভিযান চলায়৷ তাত মাৰাডোনাৰ এটা হাতঘড়ী উদ্ধাৰ কৰাৰ লগতে ৱাজিদক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পিছত দেওবাৰে গোটেই দিনটো আৰক্ষীয়ে কৰা তীব্ৰ জেৰাত বাকচটো চুৰিৰ কথা স্বীকাৰ কৰে ৱাজিদে। তাৰ পিছত আৰক্ষীয়ে ৱাজিদক খুমটাইলৈ লৈ গৈ উদ্ধাৰ কৰে অন্যান্য সামগ্ৰীবোৰ৷













