![]()
নিউজ ডেস্কঃ
গুৱাহাটীৰ খাৰঘুলি জয়পুৰস্থিত ‘নাৰী উন্নয়ন কেন্দ্ৰৰ সঞ্চালিকা’ চিষ্টাৰ বেডচী দেভাচিয়ালৈ ১১সংখ্যক আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ বঁটা।আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে দিল্লীত প্ৰদান কৰে এই বঁটা।১০ডিচেম্বৰত প্ৰদান কৰে এই বঁটা।নাৰী সৰ্বাঙ্গীন উন্নতি লক্ষ্যৰে বেপিষ্ট চচাইটি চিষ্টাৰ এফ ডি কৰ্চ’সকলৰ তত্বাৱধানত ১৯৯৬ চনত স্থাপন হৈছিল নাৰী উন্নয়ন কেন্দ্ৰটো।
নাৰী উন্নতি হকে ২৫বছৰে প্ৰচেষ্টা চলাই অহা প্ৰতিষ্ঠাপক সঞ্চালিকা গৰাকীয়ে আন্তৰাষ্ট্ৰীয় বঁটা’ৰ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে নাৰী কেন্দ্ৰৰটো কর্মীসকল।সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সঞ্চালিকা চিষ্টাৰ বেডচিক সহকৰ্মীসকলে সম্বৰ্ধনা জনাই।লগতে সংবাদ মাধ্যমৰ সন্মুখত পৰিচয় কৰাই দিয়ে। সম্বৰ্ধনা কাৰ্যসূচীত উপস্থিত থাকে সমাজকর্মী বৰ্ণালী বৈশ্য, ফাদাৰ বিচভ থমাছ মিনাম্বৰাম, ভাগ্যৱতী ভূঞা, চিষ্টাৰ এনি ভাগি’ছ প্ৰমুখ্যে কেন্দ্ৰৰটোৰ বহুসংখ্যক কৰ্মীৰ।













