![]()
নিউজ ডেস্কঃ
৮ ডিচেম্বৰত চুলুৰৰ পৰা হেলিকপ্টাৰত উঠিছিল সপত্নীক বিপিন ৰাৱাট। নীলগিৰি পর্বতৰ মাজত ভূপতিত হৈছিল উক্ত হেলিকপ্টাৰ। মৃত্যু হয় দেশৰ প্ৰথম সেনা সৰ্বাধিনায়ক বিপিন ৰাৱাটসহ আন ১২ জনৰ। মৃত্যুৰ আগদিনা সন্ধিয়া নিজৰ বার্তা ৰেকর্ড কৰিছিল জেনেৰেল ৰাৱাটে।দেওবাৰে ইণ্ডিয়া গে’টত ৭০ ছেকেণ্ডৰ উক্ত ভিডিও বার্তা প্ৰচাৰ কৰা হয়। ‘স্বর্ণিম বিজয় পর্ব’ অনুষ্ঠানৰ উদ্বোধনীত উক্ত ভিডিও সম্প্রচাৰ কৰে খোদ প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে।
কি আছিল বাৰ্তাটোত?
১৯৭১ চনৰ মুক্তিযুদ্ধত জয়লাভ কৰে বাংলাদেশে। পাকিস্তান সেনাক পৰাজিত কৰাত প্রত্যক্ষভাবে সহায় কৰে ভাৰতে। উক্ত বিজয়লাভৰ ৫০ বছৰ পূৰ্ণ হ’ল। সমগ্ৰ বছৰ ধৰি চলিব বিজয় উৎসৱ উদযাপন। আৰু তাৰ উদ্বোধনী অনুষ্ঠান ১২-১৪ ডিচেম্বৰলৈ চলিব। উক্ত উদ্বোধনী অনুষ্ঠানতেই দেওবাৰে বিপিন ৰাৱাটৰ বার্তা প্রকাশ কৰে ৰাজনাথ সিঙে।
নিজৰ অন্তিম বার্তাত সেনাসকলক প্রশংসা কৰি ৰাৱাটে কয়, ‘আমাৰ সেনাৰ বাবে আমি গর্বিত। আহক সকলোৱে মিলি বিজয় পর্ব পালন কৰো। স্বর্ণিম বিজয় পর্ব উপলক্ষে ভাৰতীয় সেনাৰ সাহসী যোদ্ধাসকলক মই আন্তৰিক অভিনন্দন জনালো। ১৯৭১ চনত ভাৰতীয় সেনাৰ জয়ৰ ৫০ বছৰ পূর্তি উদযাপন আমি কৰিম বিজয় পর্ব হিচাবে। মই ভাৰতীয় সেনাৰ সকলো সাহসী যোদ্ধাক স্মৰণ কৰিছো আৰু তেওঁলোকৰ আত্মত্যাগৰ প্রতি মোৰ শ্রদ্ধা নিবেদন কৰিছো।’
বার্তাটোৰ শেষত তেওঁ কয়, ‘এইটো সৌভাগ্যৰ কথা যে অমৰ জোৱান জ্যোতিৰ ছায়াত বিজয় পর্ব উদযাপন হৈছে। যুদ্ধক্ষেত্রত ছহিদ বীৰসকলৰ স্মৰণত নিৰ্মাণ হৈছে এই স্মাৰক স্তম্ভ। মই সকলো নাগৰিককে এই উদযাপনত চামিল হ’বলৈ আহ্বান জনালো।’













