![]()
নিউজ ডেস্কঃ
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লোকসভা সমষ্টি বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰৰ পৰা গঙ্গাতীৰলৈ যোৱাৰ পথ আৰু তাত থকা মন্দিৰবোৰ নতুনকৈ সজাই তোলা হৈছে। যাৰ নাম দিয়া হৈছে কাশী বিশ্বনাথ কৰিডৰ। সোমবাৰে উক্ত প্রকল্পৰ উদ্বোধন কৰে মোদীয়ে। আগন্তুক উত্তৰ প্রদেশ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই উদ্বোধন কৰা হয় এই কৰিডৰৰ। কালভৈৰৱ মন্দিৰ আৰু কাশী বিশ্বনাথ মন্দিৰো দর্শন কৰে মোদীয়ে। কালভৈৰৱ মন্দিৰত পূজাও দি উঠি মোদীয়ে কাশী বিশ্বনাথ কৰিডৰ উদ্বোধন কৰে। জানিব পৰা মতে, সন্ধিয়া গঙ্গাৰ তীৰত আৰতি চাবলৈও যাব প্রধানমন্ত্রী। কৰিডৰ উদ্বোধনত মোদীৰ সৈতে আছিল যোগী আদিত্যনাথ। লগতে উপস্থিত থাকে দেশৰ ১২খন বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্রীসকল। উপস্থিত থাকে বিহাৰ আৰু নাগালেণ্ডৰ উপ-মুখ্যমন্ত্রীও। ইয়াৰ উপৰি প্রায় তিনি হাজাৰ বিশিষ্ট ব্যক্তি সোমবাৰৰ অনুষ্ঠানত উপস্থিত থাকে।
উল্লেখ্য, কাশী বিশ্বনাথ মন্দিৰৰ পৰা গঙ্গাৰ তীৰলৈ পাঁচ লাখ বর্গফুট এলেকাজুৰি সজাই তোলা হৈছে কৰিডৰ। ২০১৯ চনত এই প্রকল্পৰ শিলান্যাস কৰিছিল মোদীয়ে। তাৰ পিছত প্রায় ৩৩৯ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই কৰিডৰ।












