![]()
নিউজ ডেস্কঃ
ওমিক্ৰণত আক্ৰান্ত প্ৰথমজন লোকৰ মৃত্যু হৈছে! ব্ৰিটেইনত মৃত্যু হৈছে বিশ্বৰ প্ৰথমজন অ’মিক্ৰণ আক্ৰান্তৰ৷ সোমবাৰে এই কথা ঘোষণা কৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে৷ এয়া সম্ভৱত ওমিক্ৰণত আক্ৰান্ত প্ৰথমজন ৰোগীৰ মৃত্যু বুলি উল্লেখ বৰিছ জনছনৰ। লোকজন হাস্পতালত ভৰ্তি হৈ আছিল৷ উল্লেখ্য, B1.1.1.529 অৰ্থাৎ ওমিক্ৰণৰ বিষয়ে প্ৰথম ২৪ নৱেম্বৰত ধৰা পৰিছিল৷ দক্ষিণ আফ্ৰিকাত ইয়াৰ প্ৰথম সংক্ৰমণৰ কথা বিশ্ব স্বাস্থ্য সংস্থাক জনোৱা হৈছিল। ইয়াৰ পিছত বেলজিয়াম, হংকং, ইজৰাইল, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, ডেনমাৰ্ক, নেডাৰলেণ্ড, জাপান, জাৰ্মানী, বৎসৱানা, ফ্ৰান্স তথা ভাৰতসহ ৫৭খন দেশত এই প্ৰজাতি চিনাক্ত হয়।












