![]()
নিউজ ডেস্কঃ
অসম আৰক্ষীত ২৪৫০টা পদত নিযুক্তিৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। বিজ্ঞাপন প্ৰকাশ পাইছে অসম আৰক্ষীৰ অফিচিয়েল ৱেব ছাইটত৷ বিতং তথ্যৰ বাবে ক্লিক কৰিব পাৰে police.assam.gov.in।
পদসমূহ হৈছে কনিষ্টবল এবি (পুৰুষ আৰু ট্ৰেন্সজেণ্ডাৰ), মহিলা আৰু নাৰ্ছিং। প্ৰাৰ্থীৰ নিম্নতম বয়স ১ জানুৱাৰী, ২০২১ত ১৮ বছৰ আৰু সৰ্বাধিক ২১ বছৰ৷ অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে বয়সৰ উচ্চ সীমা ৫ বছৰ আৰু অ’বিচিৰৰ বাবে ৩ বছৰ ৰেহাই। নতুনকৈ সৃষ্টি হোৱা অসম কমাণ্ডো বেটেলিয়নত হ’ব নিযুক্তি প্ৰক্ৰিয়া। মুঠ পদৰ সংখ্যা হৈছে কনিষ্টবল এবি (পুৰুষ আৰু ট্ৰেন্সজেণ্ডাৰ) ২২২০, মহিলা ১৮০ আৰু নাৰ্ছিং ৫০৷ দৰমহাৰ স্কেল ১৪,০০০-৬০,৫০০ টকা। প্ৰাৰ্থীসকলৰ বাবে কোনো আবেদন মাচুল নাই। আবেদনৰ তাৰিখ ১৩ ডিচেম্বৰ, ২০২১ৰ পৰা ১২ জানুৱাৰী, ২০২২লৈ।
আবেদন প্ৰক্ৰিয়া আৰু সবিশেষ জানিবৰ বাবে police.assam.gov.in ৱেব ছাইট চাওক৷













