![]()
নিউজ ডেস্কঃ
পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হ’ল কাশ্মীৰ আৰক্ষী। এইবাৰ শ্রীনগৰৰ ওচৰত এখন আৰক্ষীৰ বাছক লক্ষ্য কৰি আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে। ফলত ঘটনাস্থলীতে মৃত্যু হয় ৩ আৰক্ষী জোৱান। আহত হয় আন ১৪ জন। তেওঁলোকক ততাতৈয়াকৈ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। সমগ্ৰ এলেকাত নিশ্চিদ্ৰ তালাচী অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।
সোমবাৰে সন্ধিয়া এই ঘটনা সংঘটিত হয় শ্রীনগৰৰ উপকণ্ঠ জিৱানত।












