![]()
হোজাই লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাইত পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনা। বিয়াৰ প্ৰলোভনেৰে ৬ মাহৰ অন্তসত্তা বনকৰা নাবালিকাক । ঘটনা পোহৰলৈ অহাৰ পাছতেই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। কামৰ বাবে মাতৃয়ে মাতি অনা নাবালিকাক ধৰ্ষণ কৰি ৬ মাহৰ অন্তঃসত্তা কৰিলে পুত্ৰই।
নীলবাগান আৰক্ষী পহৰা চকীৰ এখন গাঁৱত সংগঠিত হৈছে এই লজ্জানত ঘটনা। নাবালিকাক ধৰ্ষণ কৰা লম্পট যুৱকজনৰ ঘৰ নীলবাগানৰ আশীনগৰত। আশীনগৰ গাঁৱৰ ইক্ৰামুল হুছেইন নামৰ এটা অসভ্য চৰিত্ৰৰ লোকে সংঘটিত কৰিলে এই ঘটনা।
বিবাহৰ প্ৰতিশ্ৰুতিৰে দীৰ্ঘদিন ধৰি ধৰ্ষণ কৰি আহিছিল নাবালিকাগৰাকীক। সম্প্ৰতি ৬ মাহৰ অন্ত:সত্বা নাবালিকা গৰাকীয়ে ন্যায় বিচাৰি ঘুৰিছে আৰক্ষীৰ দুৱাৰে দুৱাৰে৷
ইফালে নাবালিকাগৰাকী অন্ত:সত্বা হোৱাৰ পিছতে ৰাজহুৱা হৈ পৰে এই ঘটনা ৷ গাঁওখনৰ একাংশ মাতব্বৰে প্ৰথমে ভয়-ভাবুকি আৰু পিছত ধন দিয়াৰ প্ৰতিশ্ৰুতিৰে নাবালিকাগৰাকীৰ পৰিয়ালৰ মুখ বন্ধ কৰাৰ চেষ্টা কৰে ৷
ন্যায়ৰ পৰা বঞ্চিত নাবালিকাগৰাকী হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ দ্বাৰস্থ হৈছে৷ আইনসেৱা প্ৰাধিকৰণৰ পেনেল অধিবক্তা ৰোহিনা ৱাৰিছে ভুক্তভোগী নাবালিকা গৰাকীক বিনামুলীয়া আইনী সাহায্য প্ৰদান কৰাৰ আশ্বাস দিয়াৰ লগতে ভুক্তভোগীক ক্ষতিপুৰণ আঁচনিৰ জৰিয়তে সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছে ৷












