![]()
নিউজ ডেস্কঃ
নেতাজী আচলতে জীৱিত আছে নে মৃত্যু হৈছে? এই ৰহস্যৰ এতিয়াও অন্ত পৰা নাই। কিন্তু এইবাৰ বিষয়টি সন্দৰ্ভত স্পষ্ট কৰিব লাগিব কেন্দ্রই। আগন্তুক আঠ সপ্তাহ অর্থাৎ ২ মাহৰ ভিতৰত কেন্দ্রক বিষয়টো স্পষ্ট কৰিবলৈ ক’লে কলকাতা হাইকোৰ্টে। এক জনস্বার্থ জড়িত গোচৰত এই ৰায় দিয়ে আদালতে।
এই ৰায়ত স্বাভাবিকতেই অস্বস্তি বাঢ়িল কেন্দ্রৰ। কাৰণ এই পর্যন্ত নেতাজীৰ মৃত্যু বা জীৱিত থকাৰ কোনো তথ্য প্রকাশ কৰা হোৱা নাই। কিন্তু হাইকোর্টৰ এই ৰায়ৰ ফলত কেন্দ্রই ইয়াৰ স্পষ্টীকৰণ দিব লাগিব শপতনামাৰ জৰিয়তে। লগতে ভাৰতীয় টকাত নেতাজীৰ ছবি ছপাব পাৰি বনে নাই সেই বিষয়েও জনাব লাগিব কেন্দ্ৰই। সোমবাৰে এই ৰায় দিয়ে কলকাতা হাইকোর্টৰ প্রধান ন্যায়াধীশ প্রকাশ শ্রীবাস্তৱ আৰু ন্যায়াধীশ ৰাজর্ষি ভৰদ্বাজৰ খণ্ড বিচাৰপীঠে। হাইকোর্টত উক্ত জনস্বার্থ জড়িত গোচৰটি তৰিছিল হৰেন বাগচী নামৰ এজন ব্যক্তিয়ে।












