![]()
মনোৰঞ্জনঃ
বহুদিনৰ বিৰতিৰ অন্তত আকৌ এবাৰ স্ক্ৰীণত একেলগে দেখিবলৈ পোৱা যাব সুনীতা কৌশিক আৰু উৎপল দাসক। “অনুৰাধা” ধাৰাবাহিকখনত দুয়োগৰাকীৰ যুটিয়ে চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ আন কেইবাবাৰো মিউজিক ভিডিঅ’ত একেলগেই দেখিবলৈ পোৱা গৈছিল উক্ত যুটিটোক।
কিন্তু বিগত বহু দিনৰ অন্তৰ আন এক নতুন প্ৰকল্পৰ সৈতে দুই অভিনেতা-অভিনেত্ৰী আহি আছে আপোনালোকৰ মাজলৈ। শেহতীয়াকৈ উক্ত দুয়োগৰাকীৰ অভিনয়েৰে আহিবলৈ সাজু হৈছে এখন নতুন ধাৰাবাহিক “ৰজনীগন্ধা”। ৰং চেনেল যোগে অহা বৰ্ষৰ জানুৱাৰী মাহৰ পৰা সম্প্ৰচাৰ লাভ কৰিব এই ধাৰাবাহিকখনে, তেওঁলোক দুয়োকে একেলগে দেখিবলৈ পোৱা যাব বুলি শুনিবলৈ পাইয়ে ইতিমধ্যে তেওঁলোকৰ অনুৰাগী উৎসাহী হোৱা পৰিলক্ষিত হৈছে।
চচিয়েল মিডিয়াত সুনীতা কৌশিক লগতে উৎপল দাস দুয়োগৰাকীকে প্ৰায় সক্ৰিয় হৈ থকা দেখা যায়। উৎপল দাসে একোখন ফটোৰ সৈতে একোটা কেপছনেৰে দৰ্শকৰ মাজত উৎসাহৰ সৃষ্টি কৰা দেখা যায়; আনহাতে সুনীতা কৌশিকৰ অভিনয়ৰ উপৰিও নৃত্যৰ ক্ষেত্ৰত থকা দখলে অভিনেত্ৰী গৰাকীক আৰু অধিক লোকক নিজ অনুৰাগী কৰি ৰখাত সক্ষম হয়।













