![]()
ডিফুঃ
আসন্ন কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত পৰিচালনা কৰাৰ বাবে ব্যৱহাৰ হব বেলট পেপাৰ ৷ সোমবাৰে এই সন্দৰ্ভত পৰিষদৰ সচিবালয়ৰ সভা কক্ষত এখনি সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈ যায় ৷
বৈঠকত উপস্থিত আছিল সাংসদ হৰেণ ছিং বে, বিধায়ক দৰছিং ৰংহাঙ, বিদ্যাছিং ইংলেং, ৰূপছিং টেৰণ, ইএম, এমএচি পৰিষদৰ প্ৰধান সচিব, দুই পাৰ্বত্য জিলাৰ উপায়ুক্ত আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধি সহ, ৰিচার্ড হাঞ্চে, , বিজেপি পশ্চিম চিপিআই(এমএল ) ৰবি কুমাৰ ফাংচ’ এপিএইচ এলচিৰ মুখপাত্ৰ আংটং ইংতি কাথাৰ এনপিপিৰ , ৱেলকাম টেৰণ, এএছডিচিৰ ৰামছিং তেৰাং আৰু ছনাছিং তেৰাঙ উপস্থিত থাকে ৷ বিভিন্ন দলৰ মতামত শুনাৰ পিছত চূড়ান্ত হৈছে যে আসন্ন পৰিষদীয় MAC নির্বাচনে 2022ত ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰৰ ব্যবহাৰ কৰা হব ৷













