![]()
নিউজ ডেস্কঃ
জয় শ্রীৰাম’ ধ্বনি দি বিয়াঘৰত প্ৰৱেশ কৰি গুলীচালনাৰ অভিযোগ উঠিল এদল যুৱকৰ বিৰুদ্ধে। ঘটনাঠোত এজন ব্যক্তিৰ মৃত্যুও ঘটে। দেওবাৰে ঘটনাটি ঘটে মধ্যপ্রদেশৰ মন্দচৌৰত। আক্ৰমণ কৰা যুৱকসকল এটি হিন্দুত্ববাদী সংগঠনৰ সদস্য বুলি দাবী কৰিছে স্থানীয় লোকসকলে। ঘটনা সন্দৰ্ভত তিনিজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে ধৃতকেইজন কোন সংগঠনৰ সদস্য সেই বিষয়ে একো জানিব পৰা নাই।
জানিব পৰা মতে, হাৰিয়ানাৰ ‘গডমেন’ ৰামপালৰ অনুগামীসকলে আয়োজন কৰিছিল উক্ত বিয়া অনুষ্ঠানৰ। ৰামপালৰ এজন অনুগামীয়ে জনোৱা মতে, তেওঁলোকে ভিন্ন বিবাহ পদ্ধতি অনুসৰণ কৰে। মাত্র ১৭ মিনিটতেই বিয়া সম্পন্ন হৈ যায় উক্ত পদ্ধতিত। আক্ৰমণকাৰীসকলৰ দাবী, এনেধৰণৰ বিয়া হিন্দুধর্মৰ ৰীতিৰ পৰিপন্থী। অমিত বার্মা নামৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, আয়োজন কৰা বিয়াৰ অনুষ্ঠানক ‘অবৈধ’ বুলিয়ে আক্ৰমণ চলোৱা হৈছিল।













