![]()
নিউজ ডেস্কঃ
লখিমপুৰৰ খেৰিত কৃষক-মৃত্যুৰ ঘটনা পূর্বপৰিকল্পিত। এি কথা ক’লে যোগীৰাজ্যৰ বিশেষ তদন্তকাৰী দলে। উক্ত ঘটনাৰ তদন্তকাৰী বিষয়া বিদ্যাৰাম দিবাকৰে তেওঁৰ ৰিপোর্টত কৈছে, এইটো কোনো দুর্ঘটনা নহয়। এই ঘটনা পূর্বপৰিকল্পিত।
চিজেএম আদালতত লখিমপুৰৰ খেৰি-কাণ্ডত হত্যা, গুৰুতৰভাবে আহত আৰু অবৈধ অস্ত্র উদ্ধাৰৰ ধাৰা বৃদ্ধিৰ বাবে অনুমতি বিচাৰিছে বিদ্যাৰামে। মঙ্গলবাৰে সকলো অভিযুক্তকে তলব কৰিছে আদালতে।
সম্প্রতি ফৰেন্সিক ৰিপোর্টত জনোৱা হৈছিল যে কেন্দ্রীয় গৃহ ৰাজ্যিক মন্ত্রী অজয় মিশ্রৰ পুত্ৰ আশিস মিশ্ৰৰ বন্দুকৰ পৰা গুলী চলোৱা হৈছিল৷ উক্ত ৰিপোর্টত কৈছে, লখিমপুৰ-কাণ্ডত আন এক অভিযুক্ত অঙ্কিত দাসৰ বন্দুকৰ পৰাও উক্ত দিনা গুলী চলোৱা হৈছিল। আশিস আৰু অঙ্কিতৰ বিৰুদ্ধে কৃষকসকলক গাড়ীৰে মহতিয়াই হত্যা কৰাৰ লগতে গুলী চলোৱাৰো অভিযোগ আছে। বিগত ৯ অক্টোবৰত আশিসক গ্রেপ্তাৰ কৰিছিল উত্তৰ প্রদেশ আৰক্ষীয়ে। তাৰ কিইদিনমান পিছতে উদ্ধাৰ কৰা হয় তেওঁৰ বন্দুক।













