![]()
নিউজ ডেস্কঃ
দ্বিতীয় ঢৌৰ কোভিড সংক্রমণ নিয়ন্ত্রণলৈ আহিলেও দেশত কৰোনাৰ নতুন প্রজাতি ওমিক্রনত আক্রান্তৰ সংখ্যা বহুখিনি বাঢ়িছে। দেশত প্রথম ওমিক্রন আক্রান্তৰ সন্ধান পোৱাৰ পিছত সোমবাৰ পর্যন্ত মুঠ আক্রান্তৰ সংখ্যা হৈছে ৪১। পৰিসংখ্যা অনুযায়ী, দেশত মুঠ ওমিক্রন আক্রান্তৰ ভিতৰত সৰ্বাধিক মুম্বাইত।
সূত্রৰ খবৰ মতে, সোমবাৰে গুজৰাটৰ চুৰাটত ৪২ বছৰীয়া এজন ব্যক্তিৰ শৰীৰত ওমিক্রন প্ৰজাতিৰ সন্ধান পোৱা গৈছে। ব্যক্তিজন দক্ষিণ আফ্রিকা হৈ দিল্লী পাইছিল ৩ ডিচেম্বৰত। কৰোনা নেগেটিভ ৰিপোর্ট আহিলেও ৮ ডিচেম্বৰত তেওঁৰ ৰিপোর্ট পুনৰ পজিটিভ আহে। বর্তমান ব্যক্তিজন ঘৰতেই কোৱাৰেণ্টাইনত আছে। তেওঁৰ সংস্পর্শলৈ অহা সকলো যাত্রীৰেই কোভিড নেগেটিভ।
সোমবাৰে মুম্বাইত আৰু দুজন ব্যক্তিৰ শৰীৰত ওমিক্রনৰ সন্ধান পোৱা গৈছে। তেওঁলোক দুয়োজনেই ডুবাইৰ পৰা মুম্বাই বিমানবন্দৰত অৱতৰণ কৰিছিল। এই পর্যন্ত মুম্বাইত ২০ জন, ৰাজস্থানত ৯, গুজৰাটত ৪, কর্নাটকত ৩, দিল্লীত ২ আৰু কেৰালা, অন্ধ্রপ্রদেশ, চণ্ডীগড়ত এজনকৈ ওমিক্রন আক্রান্তৰ সন্ধান পোৱা গৈছে।













