![]()
নিউজ ডেস্কঃ
সম্পন্ন হ’ল ভিকি-কেটৰ বিবাহ অনুষ্ঠান৷ কিন্তু উক্ত বিয়াত কোনে কি আৰু কিমান দামৰ উপহাৰ দিছে তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে৷ জানিব পৰা মতে, কেটৰিনাক বিয়াত সৰ্বাধিক মূল্যৰ উপহাৰ দিছে তেওঁৰ প্ৰাক্তন প্ৰেমিক চলমান খানে৷ ইয়াৰ পিছতে দ্বিতীয় সৰ্বাচ্চ মূল্যৰ উপহাৰ দিছে আন এগৰাকী প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰে৷
বিবাহ বান্ধোনত জড়িত নহ’লেও নিজৰ প্ৰাক্তন প্ৰেমিকা কেটৰিনা কাঈফক মূল্যৱান উপহাৰ দিলে দুই প্ৰাক্তন প্ৰেমিকে৷ তাতোকৈ ডাঙৰ কথা, চলমন-ৰণবাৰে দিয়া উপহাৰৰ মূল্য স্বামী ভিকি কৌশলে পত্নী কেটৰিনাক দিয়া উপহাৰতকৈও বেছি৷ ভিকিয়ে কেটৰিনাক বাগদানৰ সময়ত দিয়া আঙুঠিটোৰ মূল্য ১.৩ কোটি টকা।
আনহাতে, কেটৰিনাৰ প্রাক্তন প্ৰেমিক চলমন খানে নৱদম্পতিক উপহাৰ হিচাবে দিছে ৩ কোটি টকা মূল্যৰ গাড়ী। ৰণবীৰে দিছে ২.৭ কোটি টকা মূল্যৰ হীৰাৰ নেকলেছ৷













