![]()
নিউজ ডেস্কঃ
সোমবাৰে পুৱাৰ পৰা দুপৰীয়ালৈকে বাৰাণসী আছিল মোদীময় হৈ।
নতুন কৰিডৰৰ উদ্বোধন, গঙ্গাস্নান, কাশী বিশ্বনাথৰ মন্দিৰত পূজা দিয়াৰ পৰা বক্তৃতা, সকলো কৰিছে তেওঁ। কিন্তু ইয়াতেই শেষ হোৱা নাই মোদীৰ কাম। নিশা ১২ বজাৰ পিছতো ‘সক্ৰিয়’ প্রধানমন্ত্রী মোদী। সোমবাৰে নিশা ১২ বজাৰ পিছত পুনৰ তেওঁ কাশী বিশ্বনাথ মন্দিৰলৈ যায়। যায় বাৰণসী ষ্টেচনলৈও। পৰিধানত আছিল ক’লা কোট আৰু ডিঙিত মাফলাৰ। প্রধানমন্ত্রীক সঙ্গ দিয়ে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে।
কিন্তু গভীৰ নিশা হঠাৎ কিয় বাহিৰলৈ ওলাল প্রধানমন্ত্রী?
মন্দিৰ চৌহদৰ চাৰিও দিশ পৰ্যবেক্ষণ কৰে তেওঁ। খোজকাঢ়ে পুৱা উদ্বোধন কৰা কৰিডৰেৰে। মোদী যেতিয়া বাৰণসী ষ্টেচনত উপস্থিত হয় তেতিয়া সময় নিশা প্রায় ১টা। ঐতিহাসিক ষ্টেচনটোৰ আধুনিক ব্যৱস্থা সম্পর্কে বুজ লয় তেওঁ।













