![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মৰিগাঁৱৰ যুৱক ঈশান আহমেদৰ জন্মদিন আছিল সোমবাৰে৷ সেয়ে জন্মদিন উদযাপনৰ বাবে পুৱাতেই ওলাই গৈছিল ৪ বন্ধুসহ ঈশান৷ দিনটো ভালে গ’ল যদিও শেষ হ’ল অতি ভয়ংকৰ আৰু নিৰ্মম৷ বাটতে ৰখি আছিল তেওঁলোকৰ বাবে কাল নিয়তি৷ যি কাল নিয়তিয়ে প্ৰাণ কাঢ়ি নিলে ঈশানসহ তিনি বন্ধুৰ৷
দিনটো জন্মদিনৰ পাৰ্টী উপভোগ কৰি নিশা উভতিছিল ঈশান আৰু তেওঁৰ বন্ধুকেইজন৷ কিন্তু নিশা প্রায় ১১.৫০ বজাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় তেওঁলোকৰ গাড়ীখন। জাগীৰোডৰ পৰা মৰিগাঁৱৰ দিশলৈ আহি থকা তেওঁলোকৰ বাহন এমএল-০৮চি-৮১৮৮ নম্বৰৰ হুণ্ডাই আই-২০ গাড়ীখনে তীব্ৰ বেগেৰে আহি বঘৰাৰ ঘুলিগাঁৱত এগৰাকী ব্যক্তিৰ ঘৰৰ গে’টত তীব্ৰ জোৰে খুন্দা মাৰে। ফলত বাহনখনত থকা দুজন যুৱকৰ থিতাতে মৃত্যু হয়৷ ঈশানসহ আহত আন দুজনক মৰিগাঁও অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাতেই আন এজন যুৱকৰ মৃত্যু হয়৷ উন্নত চিকিৎসাৰ বাবে ঈশান আহমেদ নামৰ ১৯ বছৰীয়া যুৱকজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় যদিও তাতেই মৃত্যু হয় তেওঁৰ।

জানিব পৰা মতে, দুৰ্ঘটনাত মৃত্যু হোৱা আন তিনিজন যুৱক হৈছে হাফিজুৰ ৰহমান (২৫), ছোহেইল আহমেদ (২৬) আৰু মহিবুৰ ৰহমান (৩০)। আটাইকেইজনৰে ঘৰ মৰিগাঁৱৰ মৰিমুছলিম গাঁৱত বুলি জানিব পৰা গৈছে। আন এজন বন্ধু ইক্ৰাম আহমেদ (২১) মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, তীব্ৰ গতিবেগেই বাহনখনৰ দুৰ্ঘটনাৰ মূল কাৰণ।













