![]()
নিউজ ডেস্কঃ
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে জোৰপূৰ্বক যৌন সঙ্গমত লিপ্ত হ’ব বিচাৰিছিল স্বামীয়ে। তাৰেই খঙত স্বামীৰ পুৰুষাঙ্গ এক ঘাপে কাটি পেলালে পত্নীয়ে। আৰক্ষী সূত্র মতে, ঘটনাটো ঘটাৰ কেইবাদিনো পিছতহে স্থানীয় থানাত পত্নীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ব্যক্তিগৰাকীয়ে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
ঘটনাটি ঘটে ৭ ডিচেম্বৰত। গুৰুতৰভাবে আহত ব্যক্তিজনৰ পিছত অস্ত্রোপচাৰ কৰা হয়। কিছু সুস্থ হোৱাৰ পিছত সোমবাৰে জাতাৰা আৰক্ষী থানাত পত্নীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে তেওঁ। জোৰ কৰি যৌন সম্পর্ক স্থাপন কৰিব বিচৰাত পত্নীৰ এই ভয়াৱহ আচৰণৰ অভিযোগ জনাইছে ব্যক্তিজনে।












