![]()
নিউজ ডেস্কঃ
কোভিড বিধি উলঙ্ঘন কৰি কৰোনা সংক্রমিত কৰিনা কাপুৰ খান। অভিনেত্রীগৰাকীৰ বিৰুদ্ধে এই অভিযোগ বৃহন্মুম্বাই মিউনিচিপাল কর্প’ৰেচন (বিএমচি)। এইবাৰ আকৌ নতুন অভিযোগ। বিএমচিৰ অভিযোগ, কৰিনা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে তেওঁলোকক কোনো ধৰণৰ সহায় কৰা নাই।
বিএমচি সূত্র মতে, তেওঁলোকৰ কোনো প্রশ্নৰ উত্তৰ দিয়া নাই কৰিনা বা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে। বহুবাৰ সোধাৰ পিছত জনোৱা হৈছে যে চৈফ আলী খান বিগত এসপ্তাহ ধৰি মুম্বাইত নাই। কিন্তু তেওঁ কেতিয়া ঘূৰি আহিব সেই বিষয়েও কোনো উত্তৰ দিয়া নাই পৰিয়ালৰ সদস্যসকলে। অৱশ্যে চৈফ আলী খানৰ সৈতে এতিয়াও যোগাযোগ কৰা হোৱা নাই।
বিগত কেইদিনত কোন কোন কৰিনাৰ সংস্পর্শলৈ আহিছিল, সেই বিষয়ত তদন্ত চলাইছে বিএমচিয়ে। অভিনেত্রীগৰাকীৰ ঘৰখনো সম্প্ৰতি নজৰবন্দীত আছে বিএমচিৰ।













