![]()
মনোৰঞ্জনঃ
বিকি কৌশল আৰু কেটৰিণা কাইফৰ বিয়াৰ পিছত এইবাৰ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহৰ খবৰে গতি লাভ কৰিছে। জানিব পৰা মতে, আলিয়া আৰু ৰণবীৰৰ কোনোধৰণৰ “Destination Wedding” নহয়। দুয়োজনে তেওঁলোকৰ পৰিয়াল আৰু কিছুমান বিশেষ অতিথিৰ উপস্থিতিত মুম্বাইতেই বিবাহ পাশত আৱদ্ধ হ’ব পাৰে।
ইংৰাজী ৱেবছাইট বলীউড লাইফৰ এক প্ৰতিবেদন অনুসৰি, অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ এক সূত্ৰই প্ৰকাশ কৰিছে যে আলিয়া আৰু ৰণবীৰে তেওঁলোকৰ বিবাহ অনুষ্ঠানক আকৰ্ষণীয় কৰি তুলিব নিবিচাৰে আৰু সেয়েহে মুম্বাইতেই বিবাহ পাশত আৱদ্ধ হ’ব। কাৰণ, তেওঁলোক দুয়োৰে এই বিষয়বোৰত যথেষ্ট গোপনীয়তা আছে। উল্লেখ্য যে, ৰণবীৰৰ খুৰাক তথা আলিয়াৰ দেউতাক মহেশ ভাট বিয়াৰ বাবে দূৰলৈ ভ্ৰমণ কৰিব নোৱাৰে। আনহাতে, তাৰকাদ্বয়ে তেওঁলোকৰ বিয়াৰ বাবে মুম্বাইত এখন বিবাহৰ স্থান চূড়ান্ত কৰিছে।













