![]()
নিউজ ডেস্কঃ
পুনৰ নাম সলনিৰ বিতর্কত জড়িত হৈছে বিজেপিৰ নাম। এইবাৰ কংগ্রেছৰ সদৰ কাৰ্যালয় থকা দিল্লীৰ আকবৰ ৰোডৰ নাম সলনি কৰি সদ্য প্রয়াত সেনা সর্বাধিনায়ক জেনেৰেল বিপিন ৰাৱাটৰ নামত ৰখাৰ দাবী তুলিলে দিল্লী বিজেপিৰ মিডিয়া শাখাৰ প্রধান নবীনকুমাৰ জিন্দালে। তেওঁৰ যুক্তি, আকবৰ আছিল এজন আগ্ৰাসনকাৰী, আক্রমণকাৰী। দেশৰ ৰাজধানীৰ ইমান গুৰুত্বপূর্ণ পথৰ নাম কোনো আগ্ৰাসনকাৰীৰ নামত ৰখা উচিত নহয়।
দিল্লী মিউনিচিপাল কাউন্সিল (এনডিএমচি)লৈ পঠোৱা পত্ৰত জিন্দালে লিখিছে, ‘দেশৰ প্রথম চিডিএছৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ দিল্লীৰ আকবৰ ৰোডৰ নাম তেওঁৰ নামত কৰাৰ অনুৰাধ জনালো। মোৰ ভাব হয় প্রয়াত জেনেৰেলৰ স্মৃতিৰ উদ্দেশ্যে ইয়াতকৈ ভাল সন্মান প্রদর্শন আৰু একো হ’ব নোৱাৰে।’ লগতে তেওঁৰ দাবী, ‘আকবৰ এজন আক্রমণকাৰী আছিল।
সেয়ে ৰাজধানীৰ ইমান গুৰুত্বপূর্ণ পথ তেওঁৰ নামত হোৱা উচিত নহয়।’ বিজেপি নেতাগৰাকীৰ বক্তব্যৰ সমর্থন কৰিছে দিল্লী পৌৰসভাৰ উপাধ্যক্ষ সতীশ উপাধ্যায়েও। এই দাবীৰ সৈতে তেওঁ সম্পূর্ণ সহমত প্ৰকাশ কৰি কয় যে দিল্লী পৌৰসভাই এই দাবী সহানুভূতিৰে বিবেচনা কৰিব।
উল্লেখ্য, ইয়াৰ পূৰ্বে কেন্দ্রীয় মন্ত্রী ভিকে সিঙে চিঠি লিখি আকবৰ ৰোডৰ নাম ‘মহাৰাণা প্রতাপ পথ’ কৰাৰ দাবী জনাইছিল। আনহাতে, যোৱা অক্টোবৰত হিন্দু সেনা নামৰ এটি সংগঠনে আকবৰ ৰোডৰ নাম সলনি কৰি ‘সম্রাট হিমু বিক্রমাদিত্য মার্গ’ ৰাখাৰ দাবী জনাইছিল। এইবাৰ বিজেপিয়েও উঠালে নাম সলনিৰ দাবী।













