![]()
নিউজ ডেস্কঃ
উত্তৰ প্ৰদেশত হিন্দুত্বৰ ৰাজনীতিত নিৰ্ভৰ কৰিয়েই বিজেপিয়ে পুনৰ শাসন ক্ষমতালৈ আহিব বিচাৰিছে৷ দুদিনীয়া কাশী ভ্ৰমণৰ অন্তত যেন সেয়াই প্ৰমাণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।
উত্তৰ-প্ৰদেশ ভ্ৰমণ সামিৰ দিল্লীলৈ উভতাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আলোচনাত বহিছিল বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলৰ সৈতে৷ উক্ত বৈঠকত মোদীয়ে মুখ্যমন্ত্ৰীসকলক অযোধ্যাত অস্থায়ী ৰাম মন্দিৰ প্রাঙ্গণত প্রার্থনা কৰাৰ নির্দেশ দিয়ে। লক্ষ্য এটাই, ৰাজ্যজুৰি যাতে হিন্দুত্বৰ ঢৌ তীব্ৰগতিত আগবাঢ়ি যায়।
সোমবাৰে গঙ্গাস্নান, পূজা-পাঠ, বিশ্বনাথ কৰিডৰ উদ্বোধনৰ পিছত মঙলবাৰে সদগুৰু চদাফলদেও বিহঙ্গম যোগ সংস্থানৰ ৯৮ সংখ্যক বার্ষিকী উদযাপনত যোগ দিয়ে মোদীয়ে। উক্ত আশ্ৰমত গৈ দিয়া বক্তৃতাত দাঙি ধৰে স্বাধীনতা সংগ্রামত সন্ন্যাসী, ধর্মগুৰু, মহাৰাজসকলৰ ভূমিকাৰ কথা।
উল্লেখ্য, ইতিমধ্যে সমগ্ৰ উত্তৰ প্রদেশজুৰি যোগী আদিত্যনাথ চৰকাৰৰ বিৰুদ্ধে ক্ষোভৰ বহিপ্ৰকাশ ঘটিছে। বিজেপিৰ বিৰুদ্ধে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱৰ নেতৃত্বত পুনৰ একগোট হোৱাৰ ইঙ্গিত দিছে যাদৱ আৰু মুছলিম ভোটাৰসকলে।
পশ্চিম উত্তৰ প্রদেশৰ জাঠসকলেও অখিলেশৰ সৈতে হাত মিলাই বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ কঁকালত টঙালি বান্ধিছে। ফলত উত্তৰ প্রদেশত কঠিন যুঁজৰ সন্মুখীন হ’বলৈ আগবাঢ়িছে বিজেপি। এনে পৰিস্থিতিত দলে ভালদৰেই বুজিছে যে ব্রাহ্মণ, ৰাজপুত, দলিত ভোটক যদি নিজৰ ফলীয়া কৰিব পৰা নাযায় তেনেহ’লে নিৰ্বাচনী যুঁজত জয়ী হোৱাটো কঠিন।













