![]()
নিউজ ডেস্কঃ
২০২২ চনৰ ৪ মার্চৰ পৰা নিউজিলেণ্ডত অনুষ্ঠিত হ’ব মহিলাৰ এদিনীয়া বিশ্বকাপ। প্রথম মেচত আয়োজক দেশ নিউজিলেণ্ড মুখামুখী হ’ব ৱেষ্ট ইণ্ডিজৰ। ৬ মার্চত টওৰঙ্গাত পাকিস্তানৰ বিৰুদ্ধে প্রথম মেচ খেলিব ভাৰতে। ৩১ দিন তঅনুষ্ঠিত হ’ব মুঠ ৩১খন মেচ। ৰাউণ্ড ৰবীন ফৰ্মেটত খেলা হ’ব। প্রতিখন দেশেই সাতখনকৈ মেচ খেলিব। তাৰ পিছত গ্রুপ পৰ্যায়ৰ পৰা ছেমি ফাইনেললৈ যাব চাৰিটা দল।
এইবাৰ বিশ্বকাপত অংশগ্ৰহণ কৰিবলগীয়া দেশকেইখন হৈছে অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্রিকা, ভাৰত, নিউজিলেণ্ড, পাকিস্তান, ৱেষ্ট ইণ্ডিজ আৰু বাংলাদেশ।
ভাৰতৰ খেলৰ সূচী :
৬ মার্চ- বনাম পাকিস্তান, টওৰঙ্গা
১০ মার্চ- বনাম নিউজিলেণ্ড, হেমিলটন
১২ মার্চ- বনাম ৱেষ্ট ইণ্ডিজ, হেমিলটন
১৬ মার্চ- বনাম ইংলেণ্ড, টওৰঙ্গা
১৯ মার্চ- বনাম অষ্ট্ৰেলিয়া, অকলেণ্ড
২২ মার্চ- বনাম বাংলাদেশ, হেমিলটন
২৭ মার্চ- বনাম দক্ষিণ আফ্রিকা, ক্রাইষ্টাচার্চ













