![]()
নিউজ ডেস্কঃ
অসম ৰাইফলছৰ গুলীত নাগালেণ্ডৰ মন জিলাত নিহত নিৰীহ গাঁওবাসীসকলৰ আত্মীয়ৰ কান্দোনত এতিয়াও গধুৰ পৰিবেশ। সপ্তাহজোৰা শোক পালনৰ অন্ত পৰিলেও সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ গতিবিধিৰ ওপৰত নিষেধাজ্ঞা উঠাই লোৱা নাই নাগালেণ্ডৰ মন জিলাৰ কন্যাক জনগোষ্ঠীয়ে। বৰং নিৰাপত্তা বাহিনীৰ সৈতে সম্পূর্ণ অসহযোগিতাৰ আহ্বান জনাইছে তেওঁলোকে। লগতে মন জিলাত বৰদিনৰ সকলো উৎসৱ, বনভোজ, ভোজসভা আৰু সকলো বিনোদনৰ অনুষ্ঠান বাতিল কৰা হৈছে।
উল্লেখ্য, সেনাৰ গুলীত নিহতসকলৰ পৰিয়াললৈ পঠোৱা চৰকাৰী ক্ষতিপূৰণৰ প্রথম কিস্তিৰ টকা ইতিমধ্যেই ঘূৰাই দিছে গাঁওবাসীয়ে। এইবাৰ কন্যাকসকলৰ সকলো সংগঠন একগোট হৈ ঘোষণা কৰিলে, যেতিয়ালৈকে নাগালেণ্ডৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন অৰ্থাৎ আফস্পা প্রত্যাহাৰ কৰা নহয়, তেতিয়ালৈকে নিৰাপত্তা বাহিনীয়ে টহল দিব নোৱাৰিব। মন জিলাত আৰু সেনা বাহিনীত নিয়োগ প্রক্রিয়া চলাব নোৱাৰিব। কোনো কন্যাক যুৱকে সেনাত যোগদানৰ পৰীক্ষাত অংশগ্ৰহণ নকৰিব। শিবিৰ নিৰ্মাণ বা অন্য যিকোনো কামত মন জিলাৰ যিসকল লোকে নিৰাপত্তা বাহিনীক মাটি দিছে সেই মাটিৰ লীজ অবিলম্বে বাতিল কৰিবলৈও নির্দেশ দিছে। অর্থাৎ জিলাখনত থাকিব নোৱাৰিব নিৰাপত্তা বাহিনীৰ কোনো ঘাটি।
লগতে জনাইছে, ভাৰতীয় সেনাৰ সৈতে জনতাৰ সকলো ধৰণৰ সম্পর্ক ছিন্ন কৰা হ’ব। আনকি কোনো গাঁও পৰিষদ, ছাত্র সংগঠনক সেনাই দিয়া উন্নয়ন প্রকল্পৰ বাবদ সাহায্যও গ্রহণ কৰা নহ’ব। সেনা বা চৰকাৰে দিয়া সকলো ধৰণৰ পেকেজ আৰু সাহায্যও উভতাই দিব কন্যাকসকলে। কন্যাক এলেকাবোৰত সকলো গাড়ী, কাৰ্যালয়, শিক্ষা প্রতিষ্ঠানত প্রতিবাদৰ প্রতীক হিচাবে ক’লা পতাকা উৰি থাকিব।













