![]()
নিউজ ডেস্কঃ
অহা ১৬ আৰু ১৭ ডিচেম্বৰ অৰ্থাৎ বৃহস্পতি আৰু শুক্ৰবাৰে দেশজুৰি বন্ধ থাকিব দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহ৷ বেংক কৰ্মচাৰীসকলৰ দুদিনীয়া দেশজোৰা ধৰ্মঘটৰ বাবে বন্ধ থাকিব বেংক সেৱা। বেংক ব্যক্তিগতকৰণৰ প্ৰতিবাদত এই ধৰ্মঘটৰ আহ্বান জনাইছে বেংক কৰ্মচাৰী ইউনিয়নে৷ অৱশ্যে এছবিআইৰ তৰফর পৰা উক্ত বেংক ধৰ্মঘটৰ কাৰ্যসূচী প্ৰত্যাহাৰৰ আহ্বান জনোৱা হৈছে যদিও সেয়া প্ৰত্যাখ্যান কৰিছে কৰ্মচাৰী ইউনিয়নে।
অৱশ্যে ধৰ্মঘটৰ কালছোৱাত অব্যাহত থাকিব অনলাইন বেংকিং ব্যৱস্থা৷













