![]()
নিউজ ডেস্কঃ
সাতদিন ধৰি জীৱন-মৃত্যুৰ সৈতে যুঁজি অৱশেষত মৃত্যুক সাৱটি ল’লেবৰুণ সিঙে৷ উল্লেখ্য, ৮ ডিচেম্বৰত কুন্নুৰত বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুর্ঘটনাৰ অন্তিমজন জীৱীত ব্যক্তি আছিল গ্রুপ কেপ্টেইন বৰুণ সিং। দুৰ্ঘটনাটোত আহত হৈ সংকটজনক অৱস্থাত বেঙ্গালুৰুৰ সেনা হস্পিটেলত ভর্তি হৈ আছিল কেপ্টেইন বৰুণ সিং।
৮ ডিচেম্বৰত তামিলনাডুৰ চুলুৰৰ পৰা ৱেলিংটনলৈ যোৱাৰ পথত সেনাৰ এমআই-১৭ ভি- ৫ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। হেলিকপ্টাৰখনত আছিল সপত্নীক চিডিএছ বিপিন ৰাৱাটসহ ১৪ জন। দিনৰ ১২.৪০ বজাত নীলগিৰিৰ এখন চাহ বাগানৰ ওপৰত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত সপত্নীক চিডিএছসহ ১৩ জনৰ মৃত্যু হৈছিল৷ বাচি আছিল একমাত্ৰ গ্রুপ কেপ্টেইন বৰুণ সিং। তেওঁৰ শৰীৰৰ ৪৫ শতাংশ জ্বলি যোৱা অৱস্থাত উদ্ধাৰ কৰি ৱেলিংটনৰ সেনা হস্পিটেলত ভর্তি কৰোৱা হয়। পিছত পৰিস্থিতিৰ অৱনতি ঘটাত তেওঁক স্থানান্তৰিত কৰা হয় বেঙ্গালুৰুৰ সেনা হস্পিটেললৈ। তাতেই তেওঁ আজি শেষ নিশ্বাস ত্যাগ কৰে৷
কেপ্টেইন বৰুণ সিঙৰ মৃত্যুত শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।












