![]()
জিতেন বৰকটকী:
নগাঁও : নগাঁবৰ জিলাত তীব্ৰতৰ হোৱা ড্ৰাগছ অভিযানৰ মাজতে আজি গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদিব কুমবাঙৰ নেতৃত্বত আৰু হয়বৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ সহযোগত নাৰমাৰীৰ জাকিব হুচেইনৰ ঘৰত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।
এই সন্দৰ্ভত আৰক্ষীয়ে জাকিৰ হুছেইন(৫৫) আৰু ৰহাৰ দীঘলীআটিৰ আছমিনা খাতুনক (৪০) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে আছমিনা জাকিৰ হুছেইনৰ ভগ্নী । এই দুই ভাতৃ-ভগ্নী মিলি দীৰ্ঘ দিনৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া ব্যবসায় চলাই আহিছিল। ইয়াৰ উপৰিও, আৰক্ষীয়ে আজি বিয়লি হয়বৰগাও আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নগাঁও চহৰৰ ইছলাম পট্টিৰ পৰা এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰে ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী জন হল হাফিজুল শ্বেখ(২৬) । আৰক্ষীয়ে শ্বেখৰ পৰা হিৰইন ভৰ্ত্তি ২০ টা কণ্টেনাৰ জব্দ কৰে । আটক কৰা ড্ৰাগছ আসক্ত যুৱক কেইজল হল মোজাহিদুল ইছলাম (১৯) , চহিদুল ইছলাম(২৭) আৰু ইব্ৰাহিম শ্বেখ (২৬)। ইয়াৰে মোজাহিদুলৰ ঘৰ ৰূপহীৰ তাৰাবাৰীত । ড্ৰাগছ আসক্ত যুৱক তিনিজনক ড্ৰাগছ আসক্ত মুক্তি সেৱা কেন্দ্ৰলৈ পঠোৱা হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।













