![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
লখিমপুৰৰ বগীনদী আৰক্ষী থানাৰ চাউলধোৱা আৰক্ষী চকী এলেকাৰ উত্তৰ ৰূপহীত এটা পাষাণ পিতৃয়ে পাৰিবাৰিক সংঘাতৰ ফলশ্ৰুতিত নিজ তিনি বছৰীয়া পুত্ৰক হত্যা কৰে।
বাবু শইকীয়া নামে ব্যক্তিজনে পত্নী পুতুলী শইকীয়াক এটা পানীভৰ্তি প্লাষ্টিকৰ মগ মাৰি পঠিয়ায়, আৰু সেই মগটো পুত্ৰ মূৰত লাগি থিতাতে শিশুটিৰ মৃত্য হয়। ওৰেটো নিশা ঘটনা সন্দৰ্ভত কোনো কথা নজনায় দম্পতী হালে। আজি ৰাতিপুৱা ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃত শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু দম্পতী হালক আটক কৰে।













