![]()
নিউজ ডেস্কঃ
লখিমপুৰৰ খেড়িত কৃষক মৃত্যুৰ ঘটনা ‘ষড়যন্ত্র’ আছিল বুলি দাবী কৰি মঙ্গলবাৰে আদালতত জনাইছিল উত্তৰ প্রদেশ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে। ৰাজ্যখনৰ বিজেপি চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী দলৰ ৰিপোর্টতেই উক্ত ঘটনাক ‘হত্যাৰ ষড়যন্ত্র’ বুলি উল্লেখ কৰা হৈছে। উক্ত ৰিপোর্ট প্রকাশ্যে অহাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰক সন্মুখত পাই বিষয়টো সন্দৰ্ভত প্রশ্ন কৰে সাংবাদিকে। সেই কথা শুনিয়েই সাংবাদিকৰ ফালে চোঁচা লয় কেন্দ্রীয় মন্ত্রীগৰাকীয়ে। সাংবাদিকক খেদি গৈ অপদস্থ কৰাৰো অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে।
উল্লেখ্য, মঙ্গলবাৰ SITৰ ৰিপোর্ট শুনাৰ পিছত আশিস মিশ্ৰৰ বিৰুদ্ধে হত্যাৰ চেষ্টা আৰু ইচ্ছাকৃতভাবে আঘাত কৰাৰ গোচৰ জড়িত কৰাৰ নির্দেশ দিয়ে আদালতে। উক্ত দিনাই খেড়িত কাৰাবন্দী পুত্ৰক সাক্ষাৎ কৰাৰ পিছত এটি অক্সিজেন প্লেণ্টৰ উদ্বোধন কৰিবলৈ গৈছিল অজয় মিশ্ৰ। তাতেই ঘটে উক্ত ঘটনাটো। ঘটনাটোৰ এটি ভিডিঅ’ও ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।
প্রকাশ্যে অহা ভিডিঅ’ত দেখা গৈছে যে পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ সন্দৰ্ভত অজয় মিশ্ৰক প্রশ্ন কৰিবলৈ গৈছিল সাংবাদিকসকল। তাতেই খঙত অগ্নিশৰ্মা হৈ পৰে কেন্দ্রীয় মন্ত্রীগৰাকী। খঙত তেওঁ কোৱা শুনা যায়, ‘‘আপোনালোক পাগল নেকি? বুৰ্বকৰ দৰে প্রশ্ন নকৰিব।’’ এজন সাংবাদিকৰ হাতৰ পৰা মাইকো কাঢ়ি নিয়া দেখা যায় অজয়ক। মন্ত্রীগৰাকীয়ে তেওঁলোকক ‘চোৰ’ আখ্যা দিয়া বুলিও দাবী কৰিছে সাংবাদিকে।












