![]()
মনোৰঞ্জনঃ
বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু হোৱাৰ এবছৰৰো অধিক সময় হ’ল। সুশান্তৰ অন্তিম খন ছবি আছিল ‘দিল বেচাৰা’, যিখনে সৰ্বত্ৰে খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বে, সুশান্ত সিং ৰাজপুতৰ আন এখন ছবি ‘ছিচোৰে’ মুক্তি লাভ কৰিছিল আৰু এইখন তেওঁৰ কেৰিয়াৰৰ সফল আৰু আটাইতকৈ বাণিজ্যিকভাৱে সক্ষম চলচ্চিত্ৰ হৈ পৰিছিল। ছবিখন এতিয়া চীনত মুক্তি পাবলৈ সাজু হৈছে।
২০২২ চনৰ ৭ জানুৱাৰীত সমগ্ৰ চীনৰ ছবিগৃহত ‘ছিচোৰে’ মুক্তি লাভ কৰিব। কমেডি ড্ৰামাসমৃদ্ধ এই ছবিখনক চীনৰ ১০০ খনতকৈও অধিক চহৰত ১১,০০০ তকৈও অধিক পৰ্দাত মুক্তি দিয়া হ’ব। নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত ‘ছিচোৰে’ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। ইয়াৰ পূৰ্বে, নিতেশ তিৱাৰীৰ ‘দঙ্গল’ কো চীনত মুকলি কৰা হৈছিল। ২০১৭ চনত চীনত মুক্তি পোৱা আমিৰ খানৰ ছবিখনে বহুল ব্যৱসায় কৰিছিল।













