![]()
নিউজ ডেস্কঃ
প্রয়াত সেনা সর্বাধিনায়ক বিপিন ৰাৱাটে এৰি যোৱা ‘চিফছ অব ষ্টাফ কমিটি’ৰ চেয়াৰমেন পদত বহিল সেনাপ্রধান মনোজ মুকুন্দ নাৰাভানে।
চিফছ অব ষ্টাফ কমিটি তিনিওটা বাহিনীৰ প্রধানসকলৰে গঠন হয়। এই মুহূর্তত তিনিওটা বাহিনীৰ প্রধানসকলৰ ভিতৰত সকলোতকৈ জ্যেষ্ঠ নাৰাভানে। সেয়ে ৰাৱাটৰ মৃত্যুৰ পিছত এই কমিটিৰ দায়িত্ব দিয়া হ’ল নাৰাভানেক।
বুধবাৰে জ্যেষ্ঠতাৰ ভিত্তিত উক্ত পদত জেনেৰেল নাৰাভানেক কেন্দ্রই দায়িত্ব দিয়ে। নাৰাভানেৰ উপৰি কমিটিখনৰ বাকী দুজন সদস্য হৈছে বায়ুসেনা প্রধান এয়াৰ চিফ মার্শাল ভি আৰ চৌধুৰী আৰু নৌসেনা প্রধান এডমিৰেল জেনেৰেল আৰ হৰি কুমাৰ। সেনাপ্রধানগৰাকীক নতুন পদত অধিষ্ঠিত কৰোৱাটোৱেই সম্ভৱত ইঙ্গিত দিছে যে আগন্তুক দিনত সেনা সর্বাধিনায়কৰ পদত অধিষ্ঠিত হোৱাৰ দৌৰত সকলোতকৈ আগত আছে তেৱেঁই। অৱশ্যে এই ক্ষেত্রত প্রধানমন্ত্রীৰ পছন্দ সকলোতকৈ গুৰুত্বপূর্ণ।













