![]()
নিউজ ডেস্কঃ
নির্বাচন আয়োগৰ পৰামৰ্শ মতে নিৰ্বাচনী আইনত পৰিৱৰ্তন আনিহলৈ আগবাঢ়িছে মোদী চৰকাৰ। মূলত আইনখনৰ চাৰিটা দফা সংস্কাৰৰ বাবে সংশোধনী প্রস্তাৱ আনিছে চৰকাৰে। ইয়াৰ ফলত শক্তিশালী হ’ব ভোটাৰ আৰু নির্বাচন আয়োগৰ হাত। কমিব ভোট–জালিয়াতি।
পেন কার্ডৰ সৈতে আধাৰ কার্ড সংযুক্তিকৰণ আগতেই হৈছে। এইবাৰ ভোটাৰ কার্ডৰ সৈতে আধাৰ কার্ড সংযুক্তিকৰণ ব্যৱস্থা কৰা হৈছে নতুন আইনত। অৱশ্যে ছুপ্রিম কোর্টৰ ‘ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ’ সংক্রান্তীয় গোচৰৰ ফলত বিষয়টি সম্প্ৰতি বাধ্যতামূলক কৰা হোৱা নাই। ৰখা হৈছে ‘ঐচ্ছিক’ হিচাবে।
ভুৱা ভোটাৰ কার্ড ধৰা আৰু সুস্থ ভোটাৰ তালিকা প্ৰস্তুতৰ বাবে এই সংযুক্তিকৰণ প্ৰয়োজন বুলি ভাবে নির্বাচন আয়োগে। সেই কাৰণে তাৰ প্রস্তাৱ দিছিল আইন মন্ত্ৰালয়ক। সংযুক্তিকৰণৰ উক্ত প্রস্তাৱত যোৱা বছৰ অনুমোদন দিয়ে আইন মন্ত্ৰালয়ৰ সংসদীয় স্থায়ী কমিটিয়ে।













