![]()
মনোৰঞ্জনঃ
৭৬ তম বয়স অতিক্ৰম কৰা শতিকাৰ চুপাৰষ্টাৰ অমিতাভ বচ্চন ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। বিগ বি এনে এগৰাকী জ্যেষ্ঠ অভিনেতা যিয়ে পোনপ্ৰথমে সামাজিক মাধ্যমৰ জৰিয়তে মনোভাৱ ব্যক্ত কৰাৰ লগতে ব্লগ আৰু অন্যান্য মঞ্চৰ জৰিয়তে নিজ অনুৰাগীসকলৰ সৈতে কাষ চাপিছিল। অমিতাভে দৰ্শক, ব্যক্তিগত জীৱনৰ কাহিনী আৰু তেওঁৰ চলচ্চিত্ৰৰ ফটো ছচিয়েল মিডিয়াত আকৰ্ষণীয় কেপছনৰ সৈতে পোষ্ট কৰে।
অমিতাভে বৃহস্পতিবাৰে এখন ফটো পোষ্ট কৰিছিল যিখন আছিল বহু বছৰ পুৰণি। ফটোখনৰ সৈতে, বিগ বিয়ে নিজ পুৰণি দিনবোৰ মনত পেলায় আৰু কেপচনত লিখে যে, “কেনে দিন আছিল! এইবোৰ ভাল দিন আছিল, যিবোৰ পাৰ হৈ গ’ল। সিহঁতক আৰু বিচাৰি পোৱা নাযায়।” বিগ বিৰ এই কেপছনটোক বহু অনুৰাগীয়ে শলাগ লয় আৰু অভিনেতা গৰাকীৰ সৈতেই অতীত ৰোমন্থন কৰে। বহুতে ইতিবাচক মতামতেৰে তেওঁৰ ফটোত কমেণ্ট কৰাও দেখিবলৈ পোৱা যায়। কিন্তু বিগ বিৰ নাতিনীয়েক নব্যা নভেলী নন্দাই যেন নিজৰ ককাকক সেই পূৰণি ৰূপতেই চাবলৈ মন কৰিলে। তেওঁৰ কমেণ্টত এই কথা স্পষ্ট ৰূপে দেখিবলৈ পোৱা যায়। চাওক এই ফটোখনঃ













