![]()
নিউজ ডেস্কঃ
সমাজতন্ত্র বা কমিউনিজিম নহয়, দেশত বিচাৰো ৰাম ৰাজ্য। বিৰোধীক তীব্র কটাক্ষ কৰি উত্তৰ প্রদেশ বিধানসভাৰ অন্তিম অধিবেশনেত এই দাবী কৰে মুখ্যমন্ত্রী যোগী আদিত্যনাথে। অহা বছৰ উত্তৰ প্রদেশ বিধানসভাৰ নিৰ্বাচন। বৃহস্পতিবাৰে দ্বিতীয় অতিৰিক্ত বাজেট দাখিল কৰে যোগী চৰকাৰে। বিধানসভাত নিজৰ বক্তব্যত যোগীয়ে সমাজতন্ত্রক ‘সতলোতকৈ ডাঙৰ কুসংস্কাৰ’ বুলিও অভিহিত কৰে যোগীয়ে।
তেওঁ কয়, ‘ইয়াত পাৰিবাৰিক সমাজতন্ত্র, মাফিয়া সমাজতন্ত্র, নৈৰাজ্যবাদী সমাজতন্ত্র আৰু সন্ত্রাসবাদী সমাজতন্ত্রৰ দৰে বহু প্রতাৰিত ব্ৰেণ্ড আছে।’ যোগীৰ দাবব, ‘আগতেই কৈছো যে এই দেশত কমিউনিজিম বা সমাজতন্ত্রৰ প্রয়োজন নাই। দেশত কেৱল ৰাম ৰাজ্য বিচাৰো। উত্তৰ প্রদেশেও সেয়াই বিচাৰে। ৰাম ৰাজ্য মানে যি চিৰন্তন, সার্বজনীন আৰু শাশ্বত।
যি পৰিস্থিতিৰ দ্বাৰা প্রভাৱিত নহয়।’ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রশংসা কৰি যোগীৰ সংযোজন, সমাজতন্ত্রৰ আচল মূল্যবোধবোৰ তেওঁৰ দলৰ নেতা আৰু দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উপলব্ধি কৰিছিল। যিয়ে মানুহৰ বাবে শৌচালয় নিৰ্মাণ কৰে। কেন্দ্রত বিজেপিয়ে কৰি ‘স্বচ্ছ ভাৰত অভিযান’ আৰু ‘উজ্জ্বলা যোজনা’ৰ দৰে কামৰ প্রশংসা কৰে যোগীয়ে।













