![]()
নিউজ ডেস্কঃ
ছোনিয়া গান্ধী, প্রিয়ঙ্কা গান্ধীয়ে মহিলাসকলৰ প্রতি হোৱা অন্যায়ক লৈ সোচ্চাৰ হোৱাৰ সময়তে কর্নাটকৰ এজন কংগ্রেছ বিধায়কৰ বিতৰ্কিত মন্তব্য, ‘ধর্ষণ যেতিয়া হ’বই বুলি নিশ্চিত হোৱা যায় তেতিয়া শুই পৰি উপভোগ কৰাই ভাল।’ বৃহস্পতিবাৰে কর্নাটক বিধানসভাত কৃষি আইন সন্দৰ্ভত আলোচনা চলি থকাৰ সময়তে এই বিতর্কিত মন্তব্য কৰে প্রবীণ কংগ্রেছ নেতা তথা ৰাজ্যখনৰ প্রাক্তন অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে।
বৃহস্পতিবাৰে কৃষি আইন সন্দৰ্ভত আলোচনাৰ সময়ত কর্নাটক বিধানসভাত তুমুল হুলস্থুল আৰম্ভ হয়। সেই সময়তে ক্ষুব্ধ অধ্যক্ষ বিশ্বেশৰা হেগড়ে কাজেৰিয়ে কয়, ‘মই বিধানসভা নিয়ন্ত্রণ কৰিব পৰা নাই। সকলোকে সময় দিবলৈ গ’লে হাউছ নচলিব। এতিয়া আপোনানালো যি ক’ব, তাতেই মই হা ক’ব লাগিব। এই পৰিস্থিতি উপভোগ কৰাৰ বাহিৰে মোৰ আৰু একো কৰাৰ উপায় নাই।’ তেতিয়াই অধ্যক্ষৰ কথাৰ সুৰত সুৰ মিলাই ৰমেশ কুমাৰে বিতর্কিত মন্তব্যটো কৰে।
অধ্যক্ষক উদ্দেশ্যি তেওঁ কয়, ধর্ষণ যিহেতু ৰুধিব পৰা নাই, তেনেহ’লে উপভোগ কৰক। আশ্চর্যজনকভাবে কোনোৱে কিন্তু তেওঁৰ মন্তব্যৰ প্রতিবাদ নকৰে। খোদ অধ্যক্ষইও। ওলোটাই বিধানসভাৰ অধিকাংশ সদস্যই তেওঁৰ কথাত হাঁহিহে উঠে। অৱশ্যে অতীততো বিতর্কিত মন্তব্য কৰিছে এইগৰাকী কংগ্রেছ নেতাই। ইয়াৰ আগতে তেওঁৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ উঠাত নিজকে ধর্ষিতাৰ লগত তুলনা কৰিছিল ৰমেশ কুমাৰে।













