![]()
নিউজ ডেস্কঃ
বিগত সোম আৰু মঙ্গলবাৰে বাৰাণসীত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিন ধৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল তেওঁ। কাশী বিশ্বনাথ মন্দিৰৰ নতুন কৰিডৰ উদ্বোধন, গঙ্গাস্নান, পূজা, আৰতী— সকলো কৰিছে। দিনটো পৰিশ্রম কৰাৰ পিছতো নিশা পুনৰ মন্দিৰ চৌহদ পৰদর্শন কৰে। নিশা ১ বজাত বাৰাণসী ষ্টেচনলৈ গৈছে।
কিন্তু এইবোৰ নহয়, মোদীৰ যি ছবি আৰু ভিডিও ভাইৰেল হৈছে সেয়া হৈছে এগৰাকী ‘দিব্যাঙ্গ’ বা বিশেষভাবে সক্ষম মহিলাক সেৱা জনোৱাৰ দৃশ্য৷ মহিলাগৰাকী আহিছিল প্রধানমন্ত্রীক সেৱা কৰিবলৈ। কিন্তু ওলোটাই তেওঁকেই সেৱা কৰে মোদীয়ে। যাক লৈ সৰ্বত্ৰে প্ৰশংসা বিয়পি পৰিছে। মহিলাগৰাকীও বিস্ময়ত হতবাক হৈ যায়। ইয়াৰ পিছত মহিলাগৰাকীৰ সৈতে কথাও পাতে মোদী আৰু যোগীয়ে। এই সমগ্ৰ ঘটনাই এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল।













