![]()
মনোৰঞ্জনঃ
জন আব্ৰাহামে ২০০৩ চনৰ ‘জিচম’ ছবিখনৰ দ্বাৰা বলীউডত নিজ কেৰিয়াৰৰ আৰম্ভণি কৰিছিল। তাৰ পিছত তেওঁ ধুম, জিন্দা, ৱাটাৰৰ দৰে কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে। জন আব্ৰাহামে এতিয়াও বহুতো চলচ্চিত্ৰত কাম কৰি আছে। তেওঁ নিজকে কেৱলমাত্ৰ অভিনয়ৰ মাজতে সীমাবদ্ধ কৰি ৰখা নাই। আজি জন ইব্ৰাহিমৰ ৪৯ তম জন্মদিন। তেওঁ নিজে বলীউডত বহুদূৰ আগবঢ়াৰ লগতে এই ইণ্ডাষ্ট্ৰীটোত অভিনেতা গৰাকীৰ সংগ্ৰামো যথেষ্ট আছিল।
আপোনালোকে জানিবলৈ পাই আচৰিত হ’ব যে, জন আব্ৰাহিমৰ বৰ্তমান সময়ত মুঠ সম্পত্তি ৩৪ নিযুত ডলাৰ বা ২৫১ কোটি টকাৰ বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও, জন আব্ৰাহাম কেইবাটাও ব্ৰেণ্ডৰ সৈতে সম্পৰ্কিত। জন আব্ৰাহামৰ নামেৰে এখন ৰেষ্টুৰেণ্ট দিল্লীত আছে। লগতে, তেওঁ মুম্বাই এঞ্জেল ফুটবল দলৰো গৰাকী।













