![]()
নিউজ ডেস্কঃ
স্বামীৰ সৈতে শোৱনি কোঠাৰ অন্তৰংগ মুহূৰ্তৰ ভিডিও দুর্ঘটনাবশত ফেচবুকত লাইভ হয় এগৰাকী মহিলাৰ। বিষয়টো যেতিয়া তেওঁৰ দৃষ্টিত পৰে তেতিয়ালৈ বহু পলম হৈ গৈছে! কাৰণ ফেচবুকত তেওঁৰ বহু বন্ধুৱেই চাইছে সেই লাইভ।
আনকি তেওঁৰ পিতৃয়েও চাইছিল উক্ত অন্তৰংগ মুহূৰ্তৰ লাইভ৷ মহিলাগৰাকী থাকে আমেৰিকাৰ মিছিছিপিত। সম্প্রতি এক টিকটক ভিডিওত এই কথা জনাইছে তেওঁ নিজেই। ঘটনাৰ পিছত এসপ্তাহ ধৰি তেওঁ কান্দি থকা বুলিও জনাইছে।
এটা সন্তানৰ মাতৃ মহিলাগৰাকীয়ে কয়, ‘‘মই ভেবিছিলো মোৰ জীৱন শেষ হৈ গ’ল৷” কিন্তু স্বামীয়ে কি কৰিলে জানে? তেওঁৰ এই অসাৱধানতাবশতঃ হোৱা কাৰ্যত আনন্দহে লাভ কৰে স্বামীয়ে৷
মহিলাগৰাকীয়ে জনোৱা মতে, ঘটনাটো ঘটাৰ পূৰ্বে তেওঁ ফেচবুক ব্যৱহাৰ কৰি আছিল। সেই সময়তেই তেওঁৰ স্বামী আহি তেওঁক সাবটি ধৰে আৰু বিছনাত বগৰাই দিয়ে। লক নকৰা ফোনটো কাষতে পৰি গৈছিল। সেই সময়তেই কেনেবাকো হেঁচা খাই আৰম্ভ হয় ফেচবুক লাইভ। তাকে দেখি তেওঁৰ বন্ধুই ফোনো কৰিছিল। কিন্তু যৌনতাত মত্ত মহিলাগৰাকীৰ ফোন ধৰিবলৈও সময় নহয়।
অৱশ্যে উক্ত লাইভত তেওঁলোকৰ নিভৃত মুহূৰ্তৰ দৃশ্য দেখা যোৱা নাই। কিন্তু সেই সময়ৰ আবেগিক শব্দ আৰু নিশাহৰ শব্দ ধৰা পৰিছিল ফেচবুক লাইভৰ ভিডিওত। পিছ অৱশ্যে উক্ত ভিডিও ফেচবুকৰ পৰা মচি পেলায় তেওঁ। ফেচবুকত নিজৰ প্রফাইলৰ নামো সলনি কৰি দিয়ে।













