![]()
নিউজ ডেস্কঃ
বান্দৰৰ প্রতিশোধ কিমান ভয়ঙ্কৰ হ’ব পাৰে তাৰ হাতে হাতে প্ৰমাণ পালে মহাৰাষ্ট্রৰ বীড় জিলাৰ মজলগাঁও এলেকাৰ এখন গাঁৱৰ বাসিন্দাসকলে।
গাঁওবাসীৰ দাবী, এমোহমোন আগতে এটি বান্দৰৰ পোৱালিক মাৰিছিল এদল কুকুৰে। তাৰ পিছৰ পৰাই এলেকাটোত প্ৰতিশোধ পৰায়ণ হৈ পৰে বান্দৰৰ এটি বিশাল দল। কুকুৰৰ পোৱালি দেখিলেই ডাঙি লৈ গৈ ওখ স্থানৰ পৰা তলত পেলাই মাৰে বান্দৰৰ জাকটোৱে। তাৰ ফলত বিগত মাহটোত বান্দৰৰ আক্ৰমণত প্ৰায় ২৫০টা কুকুৰৰ পোৱালিৰ মৃত্যু হোৱা বুলি জনাইছে গাঁওবাসীয়ে। বান্দৰৰ দলৰ উৎপাতত আতঙ্ক বিয়পি পৰিছে গাঁওবাসীৰ মাজতো।
মজলগাঁৱৰ পৰা প্রায় ১০ কিলোমিটাৰ দূৰৈত আছে লাভুল গাঁও। প্ৰায় ১৫০০ মান লোকে বাস কৰে গাঁওখনত। গাঁওবাসীৰ দাবী, বর্তমান গাঁওখনত কোনো কুকুৰৰ পোৱালিয়েই বাচি থকা নাই।
ইফালে বান্দৰৰ প্রতিশোধৰ পৰা হাত সাৰিবলৈ গাঁওবাসী বন বিভাগৰ শৰণাপন্ন হৈছিল যদিও বন বিভাগে এটাও বান্দৰ ধৰিবলৈ সমর্থ নোহোৱা বুলি অভিযোগ। আনহাতে, কুকুৰ বচাবলৈ গৈ কেইবাজনো গাঁওবাসী আহত হোৱাৰো অভিযোগ।
লগতে গাঁওবাসীৰ অভিযোগ, কেৱল কুকুৰৰ পোৱালি মাৰিয়েই ক্ষান্ত হোৱা নাই বান্দৰৰ জাকটো৷ গাঁৱৰ সৰু সৰু ল’ৰা-ছোৱালীৰ ওপৰতো সুযোগ পালেই আক্ৰমণ কৰিছে দলটোৱে। বৰ্তমান সমগ্ৰ গাঁওখনতে এক ত্ৰাসৰ পৰিৱেশ সৃষ্টি হৈছে৷













