![]()
মনোৰঞ্জনঃ
কৰোনা মহামাৰীৰ কাৰণে ভীষণভাবে ক্ষতিগ্রস্ত হৈছিল বলিউড ইণ্ডাষ্ট্ৰী। প্রায় ডেৰ বছৰ বন্ধ আছিল চিনেমা হল। অভিনেতা, কলা-কৌশলীৰ পৰা আৰম্ভ কৰি এই উদ্যোগৰ লগত জড়িত সকলোৱেই বিৰাট ক্ষতিৰ মুখত পৰিবলগা হয়। তাৰ মাজতে বহু কেইখন ছবি মুক্তিও পায়। তাৰ ভিতৰত ২০২১ চনত শীৰ্ষ ৫ ফ্লপ ছবিৰ কথা ইয়াত দাঙি ধৰা হৈছে।
ৰাধে :
প্রথমেই ক’ব লাগিব ছলমন খান অভিনীত ছবি ৰাধেৰ কথা। ছবিখন বক্স অফিচত বৃহৎ লোকচানৰ মুখত পৰিবলগা হয়।
হাঙ্গামা২ :
ছবিখনৰ জৰিয়তে বহু দিন বিৰতিৰ মূৰত ছবি জগতলৈ উভতিছিল শিল্পা শেট্টি। ছবিখনক লৈ বহু আশা কৰিলেও শেষ মুহূর্তত একেবাৰে ফ্লপ হয় বক্স অফিচত।
টদাপ :
সুনীল শেট্টিৰ পুত্ৰৰ এইখন আছিল বলিউডৰ ডেবিউ ছবি। এই ছবিখনক লৈ সুনীল শেট্টি আশাবাদী হ’লেও ছবিখন তামিলৰ পৰা ডাবিং হোৱাত তেনেদৰে সঁহাৰি নাপালে বক্স অফিচত।
বান্টি আউৰ বাবলি ২ :
ছবিখনত ৰাণী মুখার্জি আৰু চৈফ আলি খানে অভিনয় কৰিছে। চিক্যুৱেল ছবি হ’লেও ৰাণী মুখার্জিৰ বাহিৰে পূৰ্বৰ অন্য কোনো অভিনেতা-অভিনেত্রীকে দেখা যোৱা নাই ছবিখনত। সেই কাৰণেই ছবিখন বক্স অফিচত বিফল হয়।
দ্যা গার্ল অন দ্য ট্রেইন :
পৰিনীতি চোপ্ৰা অভিনীত ছবিখনৰ কথা হয়তো আমি বহুতেই নাজানো। ছবিখনক অভিনেত্ৰীগৰাকী অতি আশাবাদী আছিল যদিও দৰ্শকে পছন্দ নকৰিলে। ফলত বক্স অফিচত সাফল্যৰ মুখ নেদেখিলে ছবিখনে।













