![]()
ডিফুঃ
বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আদিৰে পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ বকলীয়াঘাট অধিৱেশন আৰম্ভ কৰা হৈছে।

পুৱা জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দীপজ্যোতি দাসে পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আঁত ধৰে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অৰ্ণৱ জ্যোতি কাকতিয়ে। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, ৰচনা প্ৰতিযোগিতাৰ লগতে দলীয় সৃজনীমূলক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হʼব। প্ৰতিযোগিতাসমূহৰ শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য চৰ্জোন হাঞ্চেই ৷
বিয়লিৰ পৰা সভাৰ প্ৰতিনিধিখন অনুষ্ঠিত কৰা হব ৷ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে, প্ৰশান্ত দত্ত আৰু সমীৰণ ফুকন কাৰ্যনিৰ্বাহক সভাত পৰ্যৱেক্ষক হিচাপে উপস্থিত থাকে ৷
উল্লেখযোগ্য যে, ছাত্ৰ সংগঠনটোৰ জিলা অধিৱেশন উপলক্ষে আজি পুৱাৰে পৰা জিলাখনৰ ভালে সংখ্যক নেতা-কৰ্মী অধিৱেশনস্থলীত উপস্থিত হৈ বকলীয়াঘাটত এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰে ৷ কাইলৈ দিনৰ ভাগত বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে আদৰণি সমিতিৰ সভাপতি কামছিং হাঞ্চেৰ সভাপতিত্বত বিয়লি অনুষ্ঠিত হব লগীয়া মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডাঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৷
সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰিব লগীয়া সভাখনত সভাপতি দীপাঙ্ক কুমাৰ নাথ সন্মানীয় বিশিষ্ট অতিথি আৰু উপদেষ্টা ক্ৰমে, প্ৰকাশ চন্দ্ৰ দাস আৰু উদ্দীপজ্যোতি গগৈ সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব ৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব জনপ্ৰিয় শিল্পী মণ্টুমনি শইকীয়াই













