![]()
নিউজ ডেস্কঃ
মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়া আৰু নাই। শনিবাৰে নিশা আৰক্ষী বিষয়াগৰাকীৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে মঙলদৈৰ লগতে সমগ্ৰ দৰং জিলা। এগৰাকী সৎ, কৰ্তব্য পৰায়ণ, জন দৰদী আৰক্ষী বিষয়া হিচাপে পৰিচিত আছিল প্ৰয়াত মস্কো শইকীয়া। সুন্দৰ সুঠাম চেহেৰাৰ আৰক্ষী বিষয়াজন অভিনয় জগতৰ সৈতেও জড়িত আছিল।
অতি অমায়িক আৰু ভদ্ৰ ব্যৱহাৰৰ বাবে সকলোৰে আদৰৰ হৈ পৰা মস্কো শইকীয়া আছিল অসম আৰক্ষীৰ এগৰাকী আদৰ্শ বিষয়া। তেওঁৰ আকস্মিক মৃত্যু দৰং তথা অসমৰ প্ৰশাসন ব্যৱস্থাৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে মঙলদৈবাসীয়ে। তেওঁৰ আকস্মিক মৃত্যুত দৰং জিলা প্ৰশাসনৰ লগতে বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে।













