![]()
নিউজ ডেস্কঃ
ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে ওমিক্রনত আক্রান্তৰ সংখ্যা। দেওবাৰৰ শেহতীয়া তথ্য মতে, দেশত ওমিক্রন আক্রান্তৰ সংখ্যা ১৪৫ জন। নতুন এই প্ৰজাতিৰ সংক্ৰমণ হ’লে দৈনিক আক্রান্তৰ সংখ্যা ১৪ লাখ হ’ব বুলি আশঙ্কা প্রকাশ কৰিছে বিশেষজ্ঞসকলে। অৱশ্যে অযথা আতঙ্কিত ন’হৈ সাধাৰণ মানুহক সচেতন হোৱাৰ আবেদন জনোৱা হৈছে। দ্রুততাৰে টীকা ল’বলৈ আৰু প্রয়োজনীয় বাধা-নিষেধ মানি চলিবলৈ কোৱা হৈছে।
ৰাজ্যবোৰলৈ পত্ৰ লিখি কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণ জনাইছে, যিসকলৰ প্রথম পালি টীকা লোৱা হৈছে তেওঁলোকক সোনকালে দ্বিতীয় পালি দিব লাগিব। লগতে প্রয়োজনত সপ্তাহান্তত লকডাউন বা বাধা-নিষেধ কৰাৰ কথাও কোৱা হৈছে। কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে দিয়া তথ্য অনুযায়ী, এই পর্যন্ত ১১খন ৰাজ্যত কৰোনা ভাইৰাছৰ নতুন এই প্ৰজাতি দেখা গৈছে। তাৰ ভিতৰত সকলোতকৈ বেছি আক্রান্ত মহাৰাষ্ট্রত। তাত এই পর্যন্ত আক্রান্তৰ সংখ্যা ৪৮ জন। দ্বিতীয় স্থানত থকা দিল্লীত আক্রান্তৰ সংখ্যা ১২ জন।
অন্যান্য ৰাজ্যবোৰৰ ভিতৰত ৰাজস্থানত ১৭ , কর্নাটকত ১৪, তেলেঙ্গানাত ২০, গুজৰাটত ৯, কেৰালাত ১১, অন্ধ্রপ্রদেশ, তামিলনাডু, চণ্ডীগড় আৰু পশ্চিমবঙ্গত এজনকৈ ওমিক্রন আক্রান্তৰ খবৰ পোৱা গৈছে।













