![]()
নিউজ ডেস্কঃ
মাত্র ডেৰ দিনৰ ভিতৰতেই ওমিক্রন আক্রান্তৰ সংখ্যা একেকোবে প্রায় দুগুণ হ’ল ব্রিটেইনত। বিশেষজ্ঞসকলৰ মতে, এয়া অতি উদ্বেগজনক!
চৰকাৰী সংগঠন ‘ছায়েন্টিফিক এডভাইজৰী গ্রুপ ফৰ ইমার্জেন্সিছ’ (ছেজ)ৰ দাবী, প্রতিদিনে হাজাৰ হাজাৰ মানুহ ওমিক্রনত আক্রান্ত হৈছে। কিন্তু চৰকাৰী পৰিসংখ্যাত সেয়া অন্তর্ভুক্ত কৰা হোৱা নাই। ছেজৰ বক্তব্য, “ছায়েন্টিফিক মডেলৰ পৰা যি ইঙ্গিত পোৱা গৈছে তাত ওমিক্রন সংক্রমণৰ চূড়ান্তত উপনীত হ’লে ইংলেণ্ডৰ হস্পিটেলত দৈনিক তিনি হাজাৰ ৰোগী ভর্তি হোৱাৰ দৰে পৰিস্থিতি সৃষ্টি হ’ব পাৰে।’’













