![]()
নিউজ ডেস্কঃ
শীতত কঁপিছে উত্তৰ ভাৰতৰ বিস্তীর্ণ অঞ্চল। শীত প্রবাহৰ ফলত জেরে হোৰাহোৰে নামিছে তাপমাত্রা। কাশ্মীৰ, দিল্লী, ৰাজস্থান, পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ একাংশত বিগত কেইটামান দিনত সর্বনিম্ন তাপমাত্রা স্বাভাবিকতকৈ বহুখিনি তললৈ নামিছে।
দিল্লীত সোমবাৰৰ তাপমাত্রা নামিছে ৩.২ ডিগ্রি চেলচিয়াছলৈ। যিটো এই বছৰত এতিয়ালৈকে সর্বনিম্ন। সোমবাৰে পশ্চিমবঙ্গৰ দার্জিলিঙত তাপমাত্রা হৈছে ৩.৫ ডিগ্রি চেলচিয়াছ। অর্থাৎ দার্জিলিঙতকৈও বেছি ঠাণ্ডা দেশৰ ৰাজধানীত।
বিগত কেইটামান দিনত শীত প্রবাহৰ ফলত শ্রীনগৰৰ নিশাৰ তাপমাত্রা মাইনাছ ৫ ডিগ্রি হৈছে। পেহেলগামত নামিছে মাইনাছ ৭.৪ ডিগ্রিলৈ। লাদাখত মাইনাছ ১৯ ডিগ্রি। হিমাচল প্রদেশৰ বিস্তীর্ণ অংশও বৰফে ঢাকিছে।













